Tuesday, October 18, 2022

ভয় লাগে আন্ধাৰবোৰলৈ:ৰাজ ৰাহুল

ভয় লাগে আন্ধাৰবোৰলৈ:

                                         ৰাজ ৰাহুল

বৰ ভয় লাগে আন্ধাৰবোৰলৈ --!

সূৰ্যাস্তৰ লগে লগে

নামি অহা আন্ধাৰবোৰত

চিনাকি পৃথিৱীখন অচিনাকি হৈ পৰে-!


দিনৰ ৰাস্তাটো আন্ধাৰত অজগৰ হৈ

পথাচাৰীক যেন গিলিব খোজে।


ব্যস্ত পৃথিৱীখন উশৃঙ্খল হৈ

উত্তেজনাই হৃদয় দহে।

ৰঙীন হৈ পৰা তিনিআলিৰ চুকবোৰত

সৌজন্যতাৰ  অপমৃত্যু ঘটে--!


নামী-দামী হোটেলৰ গোপন কক্ষত

নিয়ন লাইটৰ বেপেৰুৱা পোহৰত

বিক্ৰী হয়  অশ্লীলতা।


সমাজত চিনাকি দিব নোখোজা

জাৰজ  কেঁচুৱাবোৰ

আন্ধাৰত পৰিত্যক্ত হৈ পৰে

কোনো হৃদয়হীন মাতৃৰ বুকুৰ পৰা--!


সেইবাবে

বৰ ভয় লাগে আন্ধাৰবোৰলৈ

বিশ্বাসবোৰো যেন প্ৰক্ষেপিত হয় প্ৰৱঞ্চনালে...।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...