Tuesday, October 18, 2022

ৰুগীয়া কলমটো:গৌতম মালাকাৰ

ৰুগীয়া কলমটো:

                        গৌতম মালাকাৰ কৰিমগঞ্জ

সেই শব্দৰ মালা গাঁঠিব পৰা নাই

যি মালাৰে সুন্দৰক উষ্ম আদৰণি জনোৱা হয়,

কলমটোৱে নিগৰাব পৰা নাই

সেই বৰ্ণমালাৰ অগ্নি জল 

যাৰ স্ফুলিংগ‌ই উতলাই দেশপ্ৰেমীৰ কণ্ঠস্বৰ।

কলমটোৱে ভয়ৰ বশ্যতা স্বীকাৰ কৰিছে,

ভিন্নতাৰ অদৃশ্য বেৰবোৰ

শব্দৰ বাৰুদেৰে ওফৰাই দিয়া 

সৈনিকৰ সাহস হেৰুৱাই পেলাইছে!

গুপ্ত ৰোগৰ সংক্ৰমণত 

কলমটো দুৰ্বল হৈ আহিছে...

সমস্যাৰ শিবিৰ ত্যাগ কৰি

নৃপতিৰ গুণানুকীৰ্তনেৰে

কলমটো উৎসৱমুখী হ'ল,

মোৰ কলমটো দোলাভাৰী হ'ল!

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...