Tuesday, November 01, 2022

নতুন সূৰ্য:প্ৰসন্ন কুমাৰ বৰা

 "নতুন সূৰ্য"

                            প্ৰসন্ন কুমাৰ বৰা মৰিগাঁও


মোক এটা সূৰ্য লাগে

তেজতকৈওঁ ৰঙা

আন্ধাৰ নিশাক দুফাল কৰি

নতুন প্ৰভাত অনা

প্ৰতিশোধৰ পোছাক পিন্ধি সাজু হলোঁ

তুলি ললোঁ হাতত মহান অস্ত্ৰ

সযতনে বান্ধি ললোঁ টঙালি কঁকালত

ৰণুৱা তেজী ঘোঁৰা চেঁকুৰাই 

ৰক্তাক্ত ৰণ স্থলিত যাঁও আগুৱাই

শৰীৰত উথলি উঠিছে লাচিতৰ তেজ

সকলোৱেই আগবাঢ়ি আঁহা নাই জাতিভেদ

শ্লোগানৰে অগ্নিযোগৰ ফিৰিঙতি মই

মহান বীৰ,বিপ্লৱী আদৰ্শৰে

আহ ঐ আহ,ওলাই আহ

 দেশ যায় যায়,জাতি যায় যায়

আজি আপোন ভাষাটোৰ হেৰাই

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...