সাৱধান
আস্! কি যান্ৰণা
সহ্য কৰিব নোৱাৰি অ'
বিৰহ বোৰে বৰকৈ বিন্ধিলে
ধৈৰ্য ওঁ সীমা আছে অ'
সৌৱা!
ৰণ শিঙা প্ৰতিধ্বনি শুনিছোঁ
মানৱ ৰূপী দানৱে তেজৰ ফাকু খেলিছে
মই যাবই লাগিব আই
মই আৰু চাই থাকিব নোৱাৰোঁ
ভাই অ' উঠ!বেলি লহিয়ালে
নৰপিশাচে ভনী দেহত যৌৱনৰ তৃপ্তি লভিলে
আই অ' তই দুখ নকৰিবি
আমি আছোঁ নহয়
তোৰ আৰু বুকু খোদা হ'ব নিদিওঁ
সিহঁতবোৰ তেনেকুৱাই
সিহঁত তেজপিয়া
শাসন কৰা চলেৰে শোষণ কৰিছে
মানৱৰ সমাজত দানৱ হুংকাৰ
আৰু সহ্য কৰিব নোৱাৰি
এইখন সভ্য মানৱৰ সমাজ
ৰাম ৰাজ্যত ৰাৱণ লংকা কেতিয়াও হ'ব নোৱাৰে
সাৱধান! দুষ্কৃতি চক্ৰান্ত মুখা-পিন্ধা ভদ্ৰলোক
কুৰুক্ষেত্ৰ ৰণুৱা আহিছে ওলাই।
প্ৰসন্ন কুমাৰ বৰা
No comments:
Post a Comment