Tuesday, November 29, 2022

সাৱধান:প্ৰসন্ন কুমাৰ বৰা

সাৱধান


আস্! কি যান্ৰণা 

সহ্য কৰিব নোৱাৰি অ'

বিৰহ বোৰে বৰকৈ বিন্ধিলে

ধৈৰ্য ওঁ সীমা আছে অ'

সৌৱা! 

ৰণ শিঙা প্ৰতিধ্বনি শুনিছোঁ

মানৱ ৰূপী দানৱে তেজৰ ফাকু খেলিছে

মই যাবই লাগিব আই

মই আৰু চাই থাকিব নোৱাৰোঁ

ভাই অ' উঠ!বেলি লহিয়ালে

নৰপিশাচে ভনী দেহত যৌৱনৰ তৃপ্তি লভিলে

আই অ' তই দুখ নকৰিবি

আমি আছোঁ নহয়

তোৰ আৰু বুকু খোদা হ'ব নিদিওঁ

সিহঁতবোৰ তেনেকুৱাই 

সিহঁত তেজপিয়া

শাসন কৰা চলেৰে শোষণ কৰিছে

মানৱৰ সমাজত দানৱ হুংকাৰ

আৰু সহ্য কৰিব নোৱাৰি

এইখন সভ্য মানৱৰ সমাজ

ৰাম ৰাজ্যত ৰাৱণ লংকা কেতিয়াও হ'ব নোৱাৰে

সাৱধান! দুষ্কৃতি চক্ৰান্ত মুখা-পিন্ধা ভদ্ৰলোক

কুৰুক্ষেত্ৰ ৰণুৱা আহিছে ওলাই।


প্ৰসন্ন কুমাৰ বৰা

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...