Tuesday, November 08, 2022

প্ৰশ্ন

প্ৰশ্ন:

শিয়ৰি উঠেনে ৰক্ত কণিকা শৰীৰত

অপমানত ভাষাই যেতিয়া সকিয়াই

নাই কাৰোৱেই একো উমঘাম

কি কৰিবা?

একো কৰিব নোৱাৰা 

তোমাক সুধিলোঁ

তুমি হেনো অসমীয়া

কিমান সাহসী তুমি

পাকঘৰত উদৰ পুৰাই

জুটি লগাই এসাঁজ

নিজ গৃহত গৰজি

আকৌ যদি যাবলাগে ৰণলৈ

ওলাই আহাঁ ৰাঙলী হ'বলৈ

নহ'লে লজ্জিত অসমীয়া

জাতি দ্ৰোহী ওঁ আশ্ৰয় শিবিৰ

বাৰেবাৰে অপমান

এতিয়া ক'ত আছে সংগ্ৰাম

আছেনে শৰীৰত বীৰত্ব তেজ

আছে যদিওঁ আগবাঢ়ি নাহা

কাপুৰুষ!

আছে যদি সাহসিকতা

প্ৰশ্ন উত্তৰ দিয়া!


প্ৰসন্ন কুমাৰ বৰা, মৰিগাঁও

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...