প্ৰশ্ন:
শিয়ৰি উঠেনে ৰক্ত কণিকা শৰীৰত
অপমানত ভাষাই যেতিয়া সকিয়াই
নাই কাৰোৱেই একো উমঘাম
কি কৰিবা?
একো কৰিব নোৱাৰা
তোমাক সুধিলোঁ
তুমি হেনো অসমীয়া
কিমান সাহসী তুমি
পাকঘৰত উদৰ পুৰাই
জুটি লগাই এসাঁজ
নিজ গৃহত গৰজি
আকৌ যদি যাবলাগে ৰণলৈ
ওলাই আহাঁ ৰাঙলী হ'বলৈ
নহ'লে লজ্জিত অসমীয়া
জাতি দ্ৰোহী ওঁ আশ্ৰয় শিবিৰ
বাৰেবাৰে অপমান
এতিয়া ক'ত আছে সংগ্ৰাম
আছেনে শৰীৰত বীৰত্ব তেজ
আছে যদিওঁ আগবাঢ়ি নাহা
কাপুৰুষ!
আছে যদি সাহসিকতা
প্ৰশ্ন উত্তৰ দিয়া!
প্ৰসন্ন কুমাৰ বৰা, মৰিগাঁও
No comments:
Post a Comment