Thursday, September 22, 2022

ৰসৰাজৰ কবিতা-বিৰাজ বল্লভ নাথ

ৰসৰাজৰ কবিতা-বিৰাজ বল্লভ নাথ

 আচৰিত ভাষা,

         আচৰিত শব্দ,
                       আচৰিত অৰ্থ ।
তেওঁৰ কবিতাত
আচৰিত কিবা এটিৰ যেন প্ৰয়োভৰ ।
পদুম সূৰ্যৰ দুই চক্ষুৰ মিলনত
জাগ্ৰিত হোৱা প্ৰেমৰ কবিতা ।
বসন্তৰ বতৰত, কুলিৰ মাতত
বহাগীক জনোৱা আদৰণি কবিতা ।
ৰিপ্ ৰিপ্ মলয়াৰ বতাহত
বাজি উঠা পিয়লাৰ সুৰত এটি যেন নতুন কবিতাৰ সৃষ্টি ।
কানীয়া, সোৰোপা দুই অসমীয়াক
জগাই তোলা তেওঁৰেই সেই
দেশপ্ৰেমৰ কবিতা ।
বিজুলী তৰাৰ মাজে বাজি উঠা
               উষাৰ সংগীত ,
আৰু জোনাকী পৰুৱাৰ মাজে
               মণি মুকুতাৰ জিলিকণিত
তেওঁৰ এটি নতুন কবিতাৰ আৰম্ভণি 
সাহিত্য খুন্দি ৰস উলিওৱা
অষ্টাদশ ৰসৰ উন্মাদন ঘটোৱা
সেইয়াই যেন ৰসৰাজৰ কবিতা ৷


বিৰাজ বল্লভ নাথ

খগা, লখিমপুৰ


পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...