Showing posts with label বিৰাজ বল্লভ নাথ. Show all posts
Showing posts with label বিৰাজ বল্লভ নাথ. Show all posts

Tuesday, January 03, 2023

নৱবৰ্ষ ২০২৩:বিৰাজ বল্লভ নাথ

🔸নৱবৰ্ষ ২০২৩

গʼলগৈ ২০২২

আৰু উভতি নাহে কেতিয়াও,

বাদ দিছোঁ

পোৱা নোপোৱাৰ অংক কৰিবলৈ !

পোৱা নোপোৱাৰ দীঘলীয়া তালিকাত

হয়তো নোপোৱাৰ তালিকাই

গগন চুবগৈ 

পোৱাবোৰৰ হিচাপ নিচেই তাকৰ ।


যোৱা বোৰক যাবলৈ দিছোঁ,

নতুন অতিথি  "নৱবৰ্ষ ২০২৩" ক

সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ 

অজস্ৰ সপোনেৰে ভৰা,

দিঠকৰ চিন নথকা

আশাভৰা জীৱনটিলৈ ।


নিচিন্ত থাকিবা তুমি নৱবৰ্ষ

নতুন হʼলা বুলিয়েই

নকৰোঁ তোমাৰ মাজত নতুনত্বৰ সন্ধান ।

মাথোঁ বিষাদতা দূৰ কৰি

বোৱাই দিবা হাঁহি - আনন্দৰ

অচিনাকী নদীখনি ।


সপোনবোৰক দিঠক কৰিবা,

দুখবোৰক সুখ কৰিবা আৰু

অচিনাকি বোৰক চিনাকি কৰিবা

নিবিচাৰোঁ আৰু নতুন কিবা

মাথোঁ......

শুভ হওঁক *নৱবৰ্ষ ২০২৩*

শুভ হওঁক *নৱবৰ্ষ ২০২৩* ।।


                 ✍🏻 বিৰাজ বল্লভ নাথ

                       খগা, লখিমপুৰ

Tuesday, December 06, 2022

কবিৰ বতৰা:বিৰাজ বল্লভ নাথ

কবিৰ বতৰা


                   ✍️ *"বিৰাজ বল্লভ নাথ"*

                         *"খগা, লখিমপুৰ "* 


যাতন নিদিবা তুমি কবিৰ অন্তৰক,

জানাইটো আলসুৱা তোমাৰ কবিৰ অন্তৰ ।


তুমি জানো সুধিবা কবিৰ মনৰ কথা ?

তুমি জানো বুজিবা কবিৰ হৃদয়ৰ বতৰা ?


এতিয়া বিলীন কবি কবিতাৰ সৃষ্টিত,

নহয় ই কাল্পনিক, ই সহস্ৰাংশই বাস্তৱিক ।


কবিৰ হৃদয় আজি পূণ্য তপোবন,

ফুলিছে সুগন্ধি ফুল মন যে চঞ্চল ।


বিলীন কবি আজি ভক্তি পথত,

সাতো তীৰ্থৰ ৰস নামে হৃদয় মন্দিৰত ।


প্ৰেম গীত বয় আজি কবিৰ হৃদয়ত,

দিয়া প্ৰিয়ে এষাৰি মাত অতি মৰমৰ ।


কবি যে সাঁতোৰবিদ আজি হৃদয় সাগৰৰ,

দিয়া প্ৰিয়ে সহায়ৰ হাত সাগৰৰ মধ্যত ।


এতিয়া কবিৰ প্ৰাণ স্বৰ্গৰেই হয়,

স্বৰ্গত ফুলা ফুলক পাৰিজাত কয়

আৰু সেই পাৰিজাত তুমিয়েইটো হয় ।


অন্তিম ক্ষণত দিয়া এষাৰি মাত প্ৰিয়ে

সময়ৰ বলুকাৰাশিত কবিৰ অন্তৰ পৰিব শাত ।


তুমিয়েই প্ৰাণৰ প্ৰাণ মোৰ,

তুমি বিনে নাই আন কোনো মোৰ ।


তোমাৰ প্ৰেমত মগ্ন ক্ষুদ্ৰ পুখুৰীত

ফুলিছে পদুম ফুল ক্ষুদ্ৰ এপাহি ।


সিৰে সিৰে, তেজে তেজে বয় তোমাৰ নাম,

প্ৰতিটো অণু-পৰমাণুত শুনো তোমাৰ জয়গান ।।

Tuesday, November 01, 2022

তুমি আহিবা:বিৰাজ বল্লভ নাথ

তুমি আহিবা


                      ✍️ বিৰাজ বল্লভ নাথ

                            খগা, লখিমপুৰ

সন্ধিয়াৰ অস্তযোৱা বেলিটি হৈ

আহিব নালাগে তুমি

প্ৰভাতৰ উদয়গামি সুৰুযৰ

হেঙুল কিৰণ হৈ আহিবা 

পোহৰাই যাবা

মোৰ হৃদয় বৃন্দাবন ।


শীতৰ সেমেকা পুৱাটিত

তুমি আহিবা

নিয়ৰ সনা দুবৰিৰ

আচলৰ ওপৰেৰে

মোৰ সপোন ৰাজ্যলৈ ;

সিঁচি যাবা মোৰ সপোন ৰাজ্যত

একাজলি পোহৰৰ সমাহাৰ ।


তুমি আহিবা

মোৰ অন্ধকাৰ জীৱনত

সীমাহীন পোহৰ বিলাবলৈ

প্ৰভাতি সুৰুযৰ

এজনী আলোক পক্ষী হৈ ।

Tuesday, October 25, 2022

ভালপোৱাৰ ভাষাৰে:বিৰাজ বল্লভ নাথ

ভালপোৱাৰ ভাষাৰে:

                               বিৰাজ বল্লভ নাথ

                                খগা, লখিমপুৰ

মোৰ স্কুলীয়া প্ৰেম,

মৰম ভাললগাবোৰ

জীৱন জখলাত

আজিও আগুৱাই গৈ আছে

কিন্তু ই আজিও তোমাৰেই

অন্য কাৰোবাৰ নহয় ।


পিছে তোমাৰহে

ভাললগা, ভালপোৱা বোৰ

আজিও মোৰ নহʼল ;

তুমি স্কুলত যি আনৰ আছিলা

আজিও সেই আনৰেই হৈ ৰʼলা ,

কিন্তু মই..........

মই যে আজিও সেই বিষাদতাৰে পৰিপূৰ্ণ

ভগ্ন হৃদয়খনক লৈ

ৰৈ আছোঁ আশাৰে তোমাৰ বাবে ।


মোৰ ভালপোৱাৰ প্ৰতি সঁহাৰি

তোমাৰ পৰা কোনোদিনে নাপাওঁ

তথাপি আজিও মই তোমাৰেই অপেক্ষাত ।


অৱশ্যে তুমিটো সুখত আছা,

মোকনো আৰু কি লাগে !

সুখতেই থাকিবা তুমি ।


তোমাৰ সেই মিচিকিয়া

মৰমলগা হাঁহিটিৰ

তোমাৰ মুখত যেন

কোনোদিনেই অভাৱ নঘটে ।


মোৰ ভগ্ন হৃদয়খনি

ভগ্ন হৈয়ে ৰওক

মোৰ বিষাদতাবোৰ

বিষাদতা হৈয়ে ৰওক ।

কিন্তু তুমি..........

তুমি সুখত থাকিবা,

তুমি হাঁহি থাকিবা সদায় ।।

Tuesday, October 18, 2022

কবিৰ বতৰা:বিৰাজ বল্লভ নাথ

 কবিৰ বতৰা:

                   ✍️ বিৰাজ বল্লভ নাথ

                         খগা, লখিমপুৰ

যাতন নিদিবা তুমি কবিৰ অন্তৰক,

জানাইটো আলসুৱা তোমাৰ কবিৰ অন্তৰ ।


তুমি জানো সুধিবা কবিৰ মনৰ কথা ?

তুমি জানো বুজিবা কবিৰ হৃদয়ৰ বতৰা ?


এতিয়া বিলীন কবি কবিতাৰ সৃষ্টিত,

নহয় ই কাল্পনিক, ই সহস্ৰাংশই বাস্তৱিক ।


কবিৰ হৃদয় আজি পূণ্য তপোবন,

ফুলিছে সুগন্ধি ফুল মন যে চঞ্চল ।


বিলীন কবি আজি ভক্তি পথত,

সাতো তীৰ্থৰ ৰস নামে হৃদয় মন্দিৰত ।


প্ৰেম গীত বয় আজি কবিৰ হৃদয়ত,

দিয়া প্ৰিয়ে এষাৰি মাত অতি মৰমৰ ।


কবি যে সাঁতোৰবিদ আজি হৃদয় সাগৰৰ,

দিয়া প্ৰিয়ে সহায়ৰ হাত সাগৰৰ মধ্যত ।


এতিয়া কবিৰ প্ৰাণ স্বৰ্গৰেই হয়,

স্বৰ্গত ফুলা ফুলক পাৰিজাত কয়

আৰু সেই পাৰিজাত তুমিয়েইটো হয় ।


অন্তিম ক্ষণত দিয়া এষাৰি মাত প্ৰিয়ে

সময়ৰ বলুকাৰাশিত কবিৰ অন্তৰ পৰিব শাত ।


তুমিয়েই প্ৰাণৰ প্ৰাণ মোৰ,

তুমি বিনে নাই আন কোনো মোৰ ।


তোমাৰ প্ৰেমত মগ্ন ক্ষুদ্ৰ পুখুৰীত

ফুলিছে পদুম ফুল ক্ষুদ্ৰ এপাহি ।


সিৰে সিৰে, তেজে তেজে বয় তোমাৰ নাম,

প্ৰতিটো অণু-পৰমাণুত শুনো তোমাৰ জয়গান ।।

Tuesday, October 04, 2022

তুমি যে নাই

তুমি যে নাই:
                   ✍️ বিৰাজ বল্লভ নাথ
                      খগা, লখিমপুৰ

অভিমানবোৰ কিয় এৰি গʼলা

মোৰ মাজত ?

সেই অভিমানে আজি

জীয়া যান্ত্ৰণাত ভোগাইছে মোক ।


সোণোৱালী স্মৃতিবোৰৰো

প্ৰয়োজন নাছিল

নিগাজীকৈ মোৰ মাজত এৰি যোৱাৰ ।


গোলাপী খামত ভৰাই

উকা কাগজত

নীলা কলমৰ বোলন দিয়া চিঠিখন 

আজিও সাঁচি থৈছোঁ জানা !

প্ৰেমৰ একাজলি চিন স্বৰূপে ।


তুমি জানো থৈছা

তোমালৈ মই দিয়া

গোপন মৰমবোৰ হিয়াতে সাঁচি ?


এতিয়া বাৰু তুমি কʼত আছা ?

মোৰেই অপেক্ষাত নে তোমাৰ প্ৰিয়জনৰ কাষত  ।


মই কিন্তু আজিও আছো

অতীতবোৰ বৰ্তমান হোৱাৰ আশাৰে

তোমাৰ অপেক্ষাত ।


পিছে তুমি যে নাই

মোৰ অপেক্ষাত ;

তুমি আছা এতিয়া

তোমাৰ হিঁয়াৰ আপোন

তোমাৰ প্ৰিয়জনৰ কাষত ।


পিছে মই.........

গোলাপী খামৰ চিঠিখনত থকা

স্মৃতি হৈ ৰোৱা 

অভিমানী শব্দবোৰ

আজিকালি নিতৌ পঢ়ো ।

কিয় জানা ?

কিয়নো,

তুমি যে নাই কাষত ।।

Saturday, October 01, 2022

অভিমানী আবেলিটি:বিৰাজ বল্লভ নাথ

 অভিমানী আবেলিটি:

তুমি আহিম বুলি কোৱা
সেই অভিমানী আবেলিটি !
আজিও থমকি ৰয়
সেই আবেলিৰ সময়বোৰ
ভয় আৰু সময়ৰ লগত ঘূৰি থাকে
তুমি আহিম বুলি কোৱা
সেই অভিমানী আবেলিটি ।
ফাগুন ফাগুন লগা
সেই অভিমানী আবেলিটিৰ কথা ভাবিলে
আজিও কপি উঠে মোৰ
শুকান বুকুখনি ।
অভিমানৰ ৰচনা লিখিবলৈ লোৱা
ৰঙা কলমটিত ভৰাই লঁও
সাগৰ নীলা মহি,
সাঁথৰ সাঁথৰ লগা
তোমাৰ সেই কথোপকথনৰ
জোঁট ভাঙিবলৈ চেষ্টা কৰো উৰে ৰাতি ।
তুমি আহিম বুলি কোৱাত
মোৰ মন ফুলনিত ফুলি উঠিছিল
এপাহ - দুপাহ কৰি
এসোপা ৰজনীগন্ধা ।
তুমি আহিম বুলি কোৱা
সেই অভিমানী আবেলিটিৰ
আলহী নহৈ তুমি ভালেই কৰিলা
নহʼলে কেনেকৈ সহ্য কৰিলাহেঁতেন
হাজাৰ সপোন লগত লৈ জীয়াই থকা উদং হৃদয়ৰ লগৰী
মোৰ সেই অবুজ হৃদয়ৰ ভাষাবোৰ ।


    ✍️ বিৰাজ বল্লভ নাথ

         খগা, লখিমপুৰ 

Thursday, September 22, 2022

ৰসৰাজৰ কবিতা-বিৰাজ বল্লভ নাথ

ৰসৰাজৰ কবিতা-বিৰাজ বল্লভ নাথ

 আচৰিত ভাষা,

         আচৰিত শব্দ,
                       আচৰিত অৰ্থ ।
তেওঁৰ কবিতাত
আচৰিত কিবা এটিৰ যেন প্ৰয়োভৰ ।
পদুম সূৰ্যৰ দুই চক্ষুৰ মিলনত
জাগ্ৰিত হোৱা প্ৰেমৰ কবিতা ।
বসন্তৰ বতৰত, কুলিৰ মাতত
বহাগীক জনোৱা আদৰণি কবিতা ।
ৰিপ্ ৰিপ্ মলয়াৰ বতাহত
বাজি উঠা পিয়লাৰ সুৰত এটি যেন নতুন কবিতাৰ সৃষ্টি ।
কানীয়া, সোৰোপা দুই অসমীয়াক
জগাই তোলা তেওঁৰেই সেই
দেশপ্ৰেমৰ কবিতা ।
বিজুলী তৰাৰ মাজে বাজি উঠা
               উষাৰ সংগীত ,
আৰু জোনাকী পৰুৱাৰ মাজে
               মণি মুকুতাৰ জিলিকণিত
তেওঁৰ এটি নতুন কবিতাৰ আৰম্ভণি 
সাহিত্য খুন্দি ৰস উলিওৱা
অষ্টাদশ ৰসৰ উন্মাদন ঘটোৱা
সেইয়াই যেন ৰসৰাজৰ কবিতা ৷


বিৰাজ বল্লভ নাথ

খগা, লখিমপুৰ


পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...