Saturday, October 01, 2022

অভিমানী আবেলিটি:বিৰাজ বল্লভ নাথ

 অভিমানী আবেলিটি:

তুমি আহিম বুলি কোৱা
সেই অভিমানী আবেলিটি !
আজিও থমকি ৰয়
সেই আবেলিৰ সময়বোৰ
ভয় আৰু সময়ৰ লগত ঘূৰি থাকে
তুমি আহিম বুলি কোৱা
সেই অভিমানী আবেলিটি ।
ফাগুন ফাগুন লগা
সেই অভিমানী আবেলিটিৰ কথা ভাবিলে
আজিও কপি উঠে মোৰ
শুকান বুকুখনি ।
অভিমানৰ ৰচনা লিখিবলৈ লোৱা
ৰঙা কলমটিত ভৰাই লঁও
সাগৰ নীলা মহি,
সাঁথৰ সাঁথৰ লগা
তোমাৰ সেই কথোপকথনৰ
জোঁট ভাঙিবলৈ চেষ্টা কৰো উৰে ৰাতি ।
তুমি আহিম বুলি কোৱাত
মোৰ মন ফুলনিত ফুলি উঠিছিল
এপাহ - দুপাহ কৰি
এসোপা ৰজনীগন্ধা ।
তুমি আহিম বুলি কোৱা
সেই অভিমানী আবেলিটিৰ
আলহী নহৈ তুমি ভালেই কৰিলা
নহʼলে কেনেকৈ সহ্য কৰিলাহেঁতেন
হাজাৰ সপোন লগত লৈ জীয়াই থকা উদং হৃদয়ৰ লগৰী
মোৰ সেই অবুজ হৃদয়ৰ ভাষাবোৰ ।


    ✍️ বিৰাজ বল্লভ নাথ

         খগা, লখিমপুৰ 

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...