Tuesday, November 01, 2022

তুমি আহিবা:বিৰাজ বল্লভ নাথ

তুমি আহিবা


                      ✍️ বিৰাজ বল্লভ নাথ

                            খগা, লখিমপুৰ

সন্ধিয়াৰ অস্তযোৱা বেলিটি হৈ

আহিব নালাগে তুমি

প্ৰভাতৰ উদয়গামি সুৰুযৰ

হেঙুল কিৰণ হৈ আহিবা 

পোহৰাই যাবা

মোৰ হৃদয় বৃন্দাবন ।


শীতৰ সেমেকা পুৱাটিত

তুমি আহিবা

নিয়ৰ সনা দুবৰিৰ

আচলৰ ওপৰেৰে

মোৰ সপোন ৰাজ্যলৈ ;

সিঁচি যাবা মোৰ সপোন ৰাজ্যত

একাজলি পোহৰৰ সমাহাৰ ।


তুমি আহিবা

মোৰ অন্ধকাৰ জীৱনত

সীমাহীন পোহৰ বিলাবলৈ

প্ৰভাতি সুৰুযৰ

এজনী আলোক পক্ষী হৈ ।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...