শব্দৰ পূজাৰী:
হে শব্দৰ পূজাৰী
শব্দৰে গাঁথা
কবিতাৰ মালা
জীৱনৰ প্ৰাপ্তি - অপ্ৰাপ্তি
জীৱন গাঁঠাৰ
কৰুণ কাহিনীবোৰ
গাঁথা শব্দৰ মালাৰে
কবিতাৰ ভাষাত
জীৱন - যৌৱনৰ অনুভূতিক শব্দৰে গাঁথা
হে শব্দৰ পূজাৰী
গাঁথা সদায় শব্দৰ মালা
জীৱনজোৰা সাধনাৰ
প্ৰতিটো পলক ।
শ্ৰী মিন্টু গোৱলা লখিমপুৰ
No comments:
Post a Comment