Tuesday, November 01, 2022

কবিতা:মিন্টু গোৱলা

কবিতা:

কবিতা কি ? মই নাজানো 

কিন্তু লিখি বৰ ভাল পাওঁ ।

জানো মাথোঁ কবিতা হৃদয়ৰ অনুভৱ,

য'ত হৃদয়ৰ গোপন কথাবোৰ 

কবিতাৰে প্ৰকাশ কৰিব পাৰি ।

মই লিখোঁ কবিতা !

হৃদয়ৰ গোপন কথাবোৰক

 অনুভৱৰ কলিত সোঁৱৰি

বৰ ভাল পাওঁ সেইবাবেই কবিতা লিখোঁ।

কবিতা মোৰ প্ৰিয় প্ৰকাশ ভংগী ,

অনুভৱ মোৰ হিয়াৰ দাপোন ,

সৃষ্টি মোৰ  নৱ জীৱনৰ অনুপ্ৰেৰণা ।

কবি মোৰ সৌন্দৰ্য্যৰ পৰিচয় সৃষ্টিৰ জগতত ।।

             

                 মিন্টু গোৱলা লখিমপুৰ 

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...