মৌনতা:
কিমান আৰু মৌন হৈ
কথাবোৰ সহি থাকিম বাৰু?
জীৱনত বহু বাৰ মৌনতা অৱলম্বন
কৰি পাৰ কৰিলোঁ ।
আজি মই মৌন হৈ নাথাকো
সকলো কথা খুলি কʼম তোমাক !
মৌনতাই আজি মোক কোঙা কৰি পেলাইছে।
তোমাক কথাবোৰ ক'লে ,
আজি মোৰ মনতো পাতল হ'ব।
মই মৌন হৈ নাথাকো
সকলো কথাৰ প্ৰত্যুত্তৰ দিম ।
মিন্টু গোৱলা, লখিমপুৰ, কদম
No comments:
Post a Comment