Tuesday, October 25, 2022

ভালপোৱাৰ ভাষাৰে:বিৰাজ বল্লভ নাথ

ভালপোৱাৰ ভাষাৰে:

                               বিৰাজ বল্লভ নাথ

                                খগা, লখিমপুৰ

মোৰ স্কুলীয়া প্ৰেম,

মৰম ভাললগাবোৰ

জীৱন জখলাত

আজিও আগুৱাই গৈ আছে

কিন্তু ই আজিও তোমাৰেই

অন্য কাৰোবাৰ নহয় ।


পিছে তোমাৰহে

ভাললগা, ভালপোৱা বোৰ

আজিও মোৰ নহʼল ;

তুমি স্কুলত যি আনৰ আছিলা

আজিও সেই আনৰেই হৈ ৰʼলা ,

কিন্তু মই..........

মই যে আজিও সেই বিষাদতাৰে পৰিপূৰ্ণ

ভগ্ন হৃদয়খনক লৈ

ৰৈ আছোঁ আশাৰে তোমাৰ বাবে ।


মোৰ ভালপোৱাৰ প্ৰতি সঁহাৰি

তোমাৰ পৰা কোনোদিনে নাপাওঁ

তথাপি আজিও মই তোমাৰেই অপেক্ষাত ।


অৱশ্যে তুমিটো সুখত আছা,

মোকনো আৰু কি লাগে !

সুখতেই থাকিবা তুমি ।


তোমাৰ সেই মিচিকিয়া

মৰমলগা হাঁহিটিৰ

তোমাৰ মুখত যেন

কোনোদিনেই অভাৱ নঘটে ।


মোৰ ভগ্ন হৃদয়খনি

ভগ্ন হৈয়ে ৰওক

মোৰ বিষাদতাবোৰ

বিষাদতা হৈয়ে ৰওক ।

কিন্তু তুমি..........

তুমি সুখত থাকিবা,

তুমি হাঁহি থাকিবা সদায় ।।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...