Tuesday, November 08, 2022

প্ৰতিশ্ৰুতি নিদিবা মোক

প্ৰতিশ্ৰুতি নিদিবা মোক 



তোমাৰ বাবে হ’ব বিচাৰিছোঁ ,

তোমাৰ বিশ্বাসী আপোন জন 

তোমাৰ নামত পাৰ কৰিম 

উজাগৰী নিশা , অকল তোমাৰ নামত ৷

তোমাৰ কথা ভাবি ভাবি পাৰ কৰোঁ দিন-ৰাতি ,

মিছাঁ প্ৰতিশ্ৰুতি নিদিবা মোক , কাৰণ 

দিনটো আৰাম্ভ হয় তোমাৰ নামত ৷

 

            এটা পাথৰ যতেষ্ট 

           এটুকুৰা কাচঁ ভাঙিবলৈ“

           এটা কথাই যতেষ্ট 

           এটা মন ভাঙিবলৈ“ 


লগ দিবলৈ চেষ্টা কৰিবা ,

মিছাঁ প্ৰতিশ্ৰুতি নিদিবা 

প্ৰতিশ্ৰুতি ভাঙি যাব পাৰে ৷

সপোনত আহি প্ৰতিশ্ৰুতি নিদিবা ,

সপোন হেৰাই যাব পাৰে ,

বাস্তৱত আহি লগ দিবা 

বাস্তৱ হেৰাই নাযায় ৷


ছেলিমা বেগম 

জিলা নগাঁও

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...