লিমাৰিক
ছোৱালী চাবলৈ গৈছিলোঁ ধুনীয়া জনী ,
পালো গৈ ছোৱালী এজনী বৰ নাচনী ।
গাল দুখন যে গুল,
মনত লাগিল ভাল।
ঘৰত আনিলো চকুৰে নেদেখাজনী ।
ছেলিমা বেগম
লিমাৰিক
ছোৱালী চাবলৈ গৈছিলোঁ ধুনীয়া জনী ,
পালো গৈ ছোৱালী এজনী বৰ নাচনী ।
গাল দুখন যে গুল,
মনত লাগিল ভাল।
ঘৰত আনিলো চকুৰে নেদেখাজনী ।
ছেলিমা বেগম
বাল্য বিবাহ কি?
ভাৰতীয় আইন অনুসৰি বাল্য বিবাহ হৈছে ১৮ বছৰতকৈ তলৰ ছোৱালী আৰু ২১বছৰতকৈ তলৰ ল'ৰাৰ বিবাহ।
বাল্য বিবাহৰ ক্ষেত্ৰত দেখা যায় যে অসমৰ চুকে কোনে আজিও চলি আছে। বাল্য বিবাহ এক প্ৰকাৰ সমাজৰ ব্যাধি বুলি কলেও ভুল নহব। আমাৰ সমাজত এনেকুৱা হৈছে যে চৰকাৰে আইন প্ৰণয়ন নামানি বহুতে এই বিবাহ চলাই থাকে। যাৰ ফলত আমাৰ সমাজত এনেকুৱা হয় চৰকাৰে প্ৰশাসনৰ পৰা মানুহ আহি দৰা কন্যাক বিয়া ঘৰৰ পৰা উঠাই লৈ যাব লগা হয়।
বাল্য বিবাহ প্ৰতিকাৰ উপায়:
এই বিবাহ প্ৰতিকাৰ বা নিৰাময়ৰ কাৰণে আমি সকলোৱে মিলি তলত উল্লেখ কৰা খিনি মানিব লাগিব-
১/অৰ্থনৈতিক খেত্রত আগুৱাই যাব লাগিব।
২/উপযুক্ত শিক্ষা গ্ৰহণ কৰিব লাগিব।
৩/মা দেউতা সু চিন্তা কৰিব লাগিব।
৪/অধিক সন্তান জন্ম দিব নালাগিব।
৫/সমাজত দায়িত্ব লব লাগিব।
৬/অন্ধবিশ্বাস দুৰ কাৰিব লাগিব৷
এই খিনি পালন কৰি আমি বাল্য বিবাহ ৰূধকৰিব পাৰিম। বাল্য বিবাহ দিয়া মানে নিজৰ সন্তানক বিপদ মাতি আনা ।এজনী ফুল কুমলীয়া জীয়ৰীক বিয়া দিয়া মানে কেঁচা কলহত পানী থোৱা একেই কথা।
১৯৫১ চনত জৱাহৰলাল নেহৰু বাল্য বিবাহৰ ওপৰত ভিত্তি কৰি পৰিয়াল পৰিকল্পনাৰ জৰিয়তে বাল্য বিবাহ নিষিদ্ধ ঘোষণা কৰে। পৰিয়াল পৰিকল্পনাৰ জৰিয়তে জন্ম নিয়ন্ত্ৰণ ৰোধ কৰিবলৈ কিছুমান কাম হাতত নয়। গাঁও, চহৰৰ মানুহৰ মাজত বিভিন্ন অনুষ্ঠানৰ জৰিয়তে বুজাই দিবলৈ চেষ্টা কৰা হৈছিল। জন্ম নিয়ন্ত্ৰণ কৰিবৰ বাবে গাঁওত চিকিৎসালয়ৰ ব্যবস্থা কৰি দিয়া হয়। অশিক্ষিত লোকসকলৰ মাজত আলোচনাৰ মাধ্যমেৰে বুজাই দিছিল। ধর্মনিৰুপক্ষে জাতি ভেদ নাৰাখি সকলো ধৰ্মৰ প্ৰতি সন্মান জনাই বুজাই দিয়া উচিত বুলি জানিছিল। কোনো ধৰণৰ বেমেজালি দেখা দিয়া নাছিল।
বাল্য বিবাহ আমাৰ আইতাহঁতৰ মাজত আছিল। আইতাৰ মূখত শুনিছিলো তেখেত সকলৰ বিয়া সৰু থাকোতে হৈছিল। স্বামীৰ ঘৰত আহি শাহুৰিৰ লগত থাকি শিশুকাল পাৰ কৰিছিল। যেতিয়া যৌৱন প্ৰাপ্তি হৈছিল তেতিয়া সংসাৰ পাতিবলৈ দিছিল। এটা দীঘলীয়া সময় পাইছিল আৰু বহু সন্তান জন্ম দিব পাৰিছিল। যাৰ ফলত আমাৰ সমাজত এনেকুৱা কিছুমান আইন সমাজৰ বহুত ক্ষতি সাধন কৰিছিল। লাগে লগে মানুহৰ মাজত আধুনিক যুগৰ পদ্ধতিয়ে এই সমস্যা সমাধান কৰিব পাৰিছে। বৰ্তমান সময়ত অতি উন্নত মানৰ শিক্ষা প্ৰদান কৰা হয় আৰু ইয়াৰ সমস্যা সমাধান কৰা হৈ আছে। এতিয়া শিক্ষিত সমাজত বাল্য বিবাহ নহয়। অশিক্ষিত যুৱক যুৱতী সকলৰ মাজত বাল্য বিবাহ হোৱা দেখা যায়। সিহঁতে বুজি নাপায় উপযুক্ত সময়ত বিয়া দিবলৈ বাপেকক সকলক বুজাই দিয়া উচিত। সন্তানক কি ভাবে শিক্ষিত কৰি তোলা যাব সকলো ধৰণৰ ব্যৱস্থা চৰকাৰে ব্যবস্থা হাতত লোৱা উচিত। আজি কালি বহুত সুবিধা প্ৰদান কৰা হৈছে যদিও কিছুমান ক্ষেত্ৰত গাঁৱৰ ৰাইজে বুজি পোৱা নাই। সিহঁতে ভাবিলে যি কোনো কাম কৰি পেলায় ।বাল্য বিবাহ শিক্ষিত সমাজত নহয় সিহতৰ সন্তানক ডাক্টৰ বা ইঞ্জিনিয়াৰ, শিক্ষক আদি কৰি বিভিন্ন চৰকাৰী কৰ্মকৰ্তা জীৱন ওপৰত ভিত্তি কৰি বিবাহিত জীৱনত আগবাঢ়ি যাব। বিয়াৰ বয়স ২৫৷৩০ বছৰৰ পিছত বিয়া পতা হয়। বাল্য বিবাহ নিষিদ্ধ কৰাটো মযো বিচাৰো , গ্ৰেপ্তাৰ কৰি নহয় উচিত শিক্ষা দি ভালদৰে মৰম কৰি বুজাই দিয়ক।
ছেলিমা বেগম
জিলা- নগাঁও
গাঁও -মেলেকা ধিং (জুৰীয়া)
আৰম্ভণি =অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতি নৱপ্ৰজন্মৰ আমি ভাঙ্গি পাতি বিষয় বস্তু খিনি দিব লাগিব। আজি কালি আমাৰ সমাজত এনেকুৱা হৈছে যে মানুহে নিজৰ ভাষা ব্যৱহাৰ কৰিবলৈ টান পাইছে। সকলোৱে ইংৰাজী মাধ্যমত শিক্ষা প্ৰদান কৰি আছে। ব্যক্তিগত স্কুল কলেজবিলাকত ইংৰাজীত পাঠ দান দিয়ে সেয়ে আমাৰ নৱপ্ৰজন্মই অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতি আকোৱালি লব লৈ টান পাইছে। আমি যদি এইবোৰ নৱপ্ৰজন্মৰ মাজত প্ৰচাৰ নকৰো অন্যথা ভাষা সাহিত্য আৰু সংস্কৃতি আমাৰ নৰপ্ৰজন্মৰ মাজত নামি আহিব অমানিশা।
অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতি আমি কৰ পৰা শিকিম, যি পুথি পঢ়িলে আমি কোনো এটা ভাষাৰ কথা কবলৈ আৰু লিখিবলৈ পাৰিম সেই ভাষাৰ ব্যাকৰণৰ নৱপ্ৰজন্মৰ মাজত প্ৰচাৰ কৰি দিব লাগিব। তেতিয়া হলে উঠি অহা নৱ প্ৰজন্ম বাস্তৱবাদী ৰূপ শিক্ষিবলৈ পাব।
আধুনিক যুগৰ অসমীয়া সাহিত্য পাঠ্য আৰু পশ্চত্যৰ মিলনৰ ফল।পশ্চিমীয়া শিক্ষাৰ যোগেদি পশ্চত্য কাব্য সাহিত্যৰ সংস্পৰ্শলৈ আহে। অসমৰ নতুন লেখক সকলে, সাহিত্যৰ নতুন ৰূপ দি নৱপ্ৰজন্মৰ মাজত প্ৰচাৰ কৰিব লাগিব।
শংকৰী যুগৰ বলিষ্ট সাহিত্যিক মাধৱদেৱৰ ঝুমুৰ সমূহ অসমীয়া সাহিত্যত গুৰুত্ব পূৰ্ণ সৃষ্টি। শংকৰদেৱৰ অঙ্কীয়া নাটৰ যোগেদি অসমীয়া ভাষা প্ৰচাৰ হৈছিল। ১৪ শ শতিকাৰ পৰা ১৬ শ শতিকাৰ শেষৰ বাগৰ সময়চোৱাত সাহিত্যক অসমীয়া সাহিত্যৰ যুগ বিভাজনত প্ৰাক শংকৰী যুগৰ অসমীয়া সাহিত্য নামেৰে নাম কৰণ হৈছিল। মেমসৰস্বতী, মধৱ কন্দলি, হৰিবৰ বিপ্ৰ, ৰুদ্ৰ কন্দলি ,যেওঁলোক আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ পূৰ্ব কবি। বৰ্তমান যুগৰ কবি, সাহিত্যক সকলে এই বিলাক প্ৰচাৰ কৰি আমাৰ নৱপ্ৰজন্মৰ মাজত দিব লাগিব। তেতিয়া হলে আমাৰ মাজত অমানিশা নামি আহিব নোৱাৰে।
. . . .. নৱ - প্ৰজন্ম আমাৰ সমাজৰ ভবিষ্যত , নৱ প্ৰজন্ম সকলক সংকল্পবদ্ধ হোৱাটো আমি অভাৱক সকলে দায়িত্ব লব লাগিব ৷নৱপ্ৰজন্মই হ’ল এখন সমাজৰ দাপোণ বা মেৰুদণ্ড স্বৰূপ ৷নৱপ্ৰজন্মই সদায় নতুনত্ব বিচাৰে , সমাজৰ বৈচিত্ৰ আৰু বৈভৱতাৰে সমৃদ্ধ বজাই ৰখাটো নৱপ্ৰজন্মৰ দায়িত্ব। ভাষা,সাহিত্য,সাংস্কৃতিক ইতিবাচক চিন্তা কৰাটো নৱপ্ৰজন্মৰ গুৰুত্বপূৰ্ণ দিশা হিচাপে বিবেচিত আমাৰ কৰতব্য ৷
এতিয়াৰ যুগ আধুনিক যুগ ,আধুনিক যুগৰ পৰিবৰ্তন পাই আমাৰ সমাজখন পৰিবৰ্তন হৈ আছে ৷যত নেকি নিজৰ ভাষা ,৷সাংস্কৃতিকৰ কথা পাহৰি বিদেশৰ চালচলন লৈছে ৷নিজৰখিনি পাহৰি আনৰখিনি শিখিবলৈ লৈছে ৷গতিকে সমাজৰ সচেতন সকলে নৱপ্ৰজন্মক মুল সুতিলৈ ঘুৰাই অনাৰ পথ দেখুৱাই দিব লাগিব ৷তেতিয়া হলে নিশ্চয় আমাৰ ভাষা ,সাহিত্য , সাংস্কৃতি ঠিক মতে থাকিব ৷শিশুৰ মন সদায় পবিত্ৰ এই সৰল মনত যি শিক্ষা দিয়া হয় সেইটো শিক্ষা লয় ৷যেনেকৈ কোমল বাঁহ এটাক যেনেকৈ গঢ়ি তুলিব পাৰি তেনেকুৱাই গঢ় লয় ৷সাহিত্য হ’ল সমাজৰ দাপোণ স্বৰূপ ৷সাহিত্য অবিহনে এটা জাতিৰ ভাষা জীয়াই নাথাকে ৷শঙ্কৰদেৱে অঙ্কীয়া নাটকৰ জৰিয়তে ভাষা সাংস্কৃতিত প্ৰচাৰ কৰিছিল ৷আজি কালি তেনেকুৱা কৰি নৱপ্ৰজন্মৰ মাজত দিয়া নহয় ৷বৰঞ্চ বিদেশী কাৰ্য্য কলাপ দেখুৱাই সাংস্কৃতিক অনুষ্ঠানবিলাক চলাই নিয়ে সেয়ে অসমীয়া সমাজৰ কথা পাহৰি পেলাই ৷ভাষা ,সাহিত্য,সাংস্কৃতিক অবিহনে এটা জাতি অন্ধকাৰ হৈ পৰে ৷উঠি অহা নৱপ্ৰজন্মক শুদ্ধ বাট দেখুৱাই দিয়াটো আমাৰ সমাজৰ দায়িত্ব নহলে সমাজত “ ভাষা,সাহিত্য,সাংস্কৃতি লৈ শীঘ্ৰে নামি আহিব অনামিশা "
✍️নাম=ছেলিমা বেগম
জিলা =নগাঁও (অসম)
থানা =জুৰীয়া
ডা:ঘৰ =বলিকটীয়া
গাঁও =মেলেকাধিং
পিন নম্বৰ =782122
ফোন নম্বৰ =8822515195
অণুগল্প
ছেলিমা বেগম।
ভোগালীৰ উৰুকাৰ দিনা পুৱা উঠি জেউতিৰ মনটো একেবাৰে ভাঙি পৰিল। মনমাৰি বাটৰ কাষতে বহি থাকিল। ধণকাই সেই সময়ত বাটেৰে গৈ আছে, জেউতিক দেখি মাত লগালে হেৰৌ মাইনাজনী অকলে অকলে বহি কি কথা ভাবি আছ। জেউতি উপচি উচপি কান্দি কলে, আমি এবেলি মাঘৰ বিহু কেনেকৈ পাতিম। চৰকাৰে যে আমাৰ ঘৰ বাৰী ভাঙি চূৰমাৰ কৰি দিছে উচ্ছেদৰ নামত। পুহমহীয়া ঠাণ্ডাৰ মাজত আমাৰ যে কিমান কষ্টেৰে দিনবোৰ পাৰ কৰি আছোঁ। খাবলৈ নাপাই শুব নোৱাৰি বেমাৰে আক্ৰান্ত হোৱা পৰিয়ালটো কেনেকৈ ভোগালীৰ ভোগ উপভোগ কৰিম। এইবাৰ বিহুত চিৰা, পিঠা, লাৰু উৰুকাৰ নিশা বাতি ভৰাই চিৰা খাবলৈ যে নাপাম। জেউতিৰ কথা শুনি ধণকাই চকুৰ পানী ধৰি ৰাখিব নোৱাৰিলে। হায়! এই নিস্পাপ শিশুটি কি ভুল কৰিছে আজি তাইৰ মনত দুখ চেপি ধৰি ৰাখিব লগা হৈছে। উঠি অহা নৱপ্ৰজন্মৰ ভবিষ্যত ক'ত। সিহঁতৰ মনৰ আনন্দ ক'ত এই বুলি কৈ ধণকাই ওঁঠ দুটিত কামুৰি ধৰি ইয়াৰ পৰা গুচি যায়।
🔴অভিমানী প্ৰিয়া মোৰ
🔸ছেলিমা বেগম
অভিমানী প্ৰিয়া তোমাৰ কথা ভাবি ভাবি
দিনবোৰ কেনেদৰে পাৰ কৰিছোঁ ,
এবাৰ ভাবি চাইছেনে, কিয়নো
মোৰ লগত অভিনয় কৰিছা।
অভিমানী প্ৰিয়া মোৰ লগত কিয়
প্ৰেমক লৈ খেলা কৰিলা?
মোৰ প্রেম গংগাত কৈ পবিত্ৰ ,
প্রবিত্র প্ৰেমক হত্যা নকৰিবা।
অভিমানী প্রিয়া মোৰ মনত
কিয় আঘাত দিলা মনে
যে বিচাৰে তোমাকে বাৰে বাৰে
আমনি কৰে তোমাৰ স্মৃতিবোৰ
লিপিবদ্ধ কৰি থৈছোঁ মোৰ
হৃদয়ৰ কোঠালিত মৰম আৰু বিশ্বাস
খিনি চেপি ধৰি ৰাখিছোঁ অন্তৰত ।
অভিমানী প্ৰিয়া মোৰ লগত
বিয়া পতাৰ প্ৰতিশ্ৰুতি দিছিলা
এতিয়া কি অভিনয় কৰি গুচি গৈছা।
অভিমানী প্ৰিয়া তোমাৰ কথা মনত
পেলাই যায় উজাগৰী নিশা।
🔸ছেলিমা বেগম
জিলা নগাওঁ ৷
ঢল পুৱাতে খিৰিকী খোলোতে
হঠাতে দেখিলো তোমাকে ,
কন্যাৰ সাজেৰে জুমি জুমি চাই আছা
কিমান যেন আনন্দে।
ব'হাগৰ পুৱাতে গছৰ ডালতে
লাগি আছা নিৰবে,
সকলো ফুলৰ ৰাণী তুমি
আমি জানো তোমাকে ।
ৰঙা ৰঙা অলঙ্কাৰ পৰিধান কৰিছা নিজকে
ৰঙা গোলাপ তুমি,
হালি-জালি কৈ নাছি আছা তুমি
জুমি জুমি চাই আছোঁ।
এই বাৰ বহাগতে নিবলৈ আহিব
দৰা হৈ তগৰে,
দৰা আহিব সুগন্ধ বিলাব
প্ৰকৃতিৰ নিয়মত তগৰে।
তগৰ ৰজা ৰাণী গোলাপী
দুয়োৰে বিয়া বহাগতে,
ধৰণীৰ নিয়মত নিকাহ হব
গোলাপী তোমাৰ।
গোলাপী ৰাণীৰ বিবাহৰ দিন
নিমন্ত্ৰণ দিলো,
এজাৰ,নাহৰ কপৌ তোমাকে আমি
নিমন্ত্ৰণ ৰাখিবা হেনো।
মুক্ত আকাশৰ তলত ৰভা তলি
সকলো পিন্ধিছে নতুন,
ধৰণীৰ তৰু -তৃণ বৃক্ষ বিৰিখ
ন ন সাজেৰে সাজোন কাছোন
কিমান যেন আনন্দ লাগিছে
ৰভা তলি মণ্ডপখন।
বাঃবাঃ ইমান ধুনীয়া মণ্ডপ
স্ৰজিলে কোনে হায়!
নাই নাই ইয়াত কোনো কাৰুকাৰ্যৰ হাত
জগতৰ নিয়ম ইয়াত,
আবেলি পৰত কন্যাক নিবলৈ
বৰ দৈ চিলা আহিল।
সকলো তচ্ নচ্ কৰি লৈ গ'ল
মৰমৰ কন্যা জনীক।
🆕নৱবৰ্ষ
🔴স্বাগতম নৱবর্ষ ২৹২৩
ছেলিমা বেগম।
জিলা নগাঁও
ডাকঘৰ বলিকটীয়া
পিন নম্বৰ 782122
স্বাগতম’ স্বাগতম’ স্বাগতম দুহাজাৰ তেইশ
বিগত বছৰটোত কৰা ভুলবোৰ ৷
শুধৰণি কৰাৰ সময় আহিছে
সময় আহে আৰু যায় ৷
গুচি যোৱা সময়ক কেতিয়াও
ওভতাই আনিব নোৱাৰি আমি৷
নিৰাশাবোৰ নাইকিয়া হৈ
আশাবোৰ পূৰণ হওঁক ৷
সাঁচি থোৱা প্ৰতিটো সপোন
বাস্তৱত পূৰণ হওঁক ৷
বিগত বচৰৰ মধুৰ মূহূৰ্তবোৰ
স্মৃতিৰ মনিকুঠত ৰাখি ৷
নতুন বছৰৰ নতুন আশাৰে
হেঁপাহৰে আগবাঢ়ি যাম ৷
নতুন বছৰত খোজ দিওতে
নতুন সপোনবোৰ মনত বান্ধি ৷
নতুন বছৰত জীৱনৰ লক্ষ্য পূৰণ কৰি
হাঁহি হাঁহি নতুন বছৰ পাৰ হওক ৷
দুখবোৰ অতীতক যোৱা পাহৰি
সুখবোৰ নতুনক লোৱা আদৰি ৷
সফলতাৰ ফাকু চটিয়াই হাঁহি
আনন্দৰে ৰঙীন কৰি তোলক ৷
নতুন বছৰতে জাতি ’ ধৰ্ম নিৰবিষেশে
ভেদ ভাৱ’ শত্ৰুতাক নেওচি আহক ৷
আমি সুন্দৰ ভাবে গঢ়িতোলো
এখন নিকা আৰু সুস্থ সমাজ ৷
©তাকে কামনা কৰি সকলো অসমবাসীক
নতুন বছৰৰ শুভেচ্ছা জনালোঁ ৷
এটি আবেগ হায়! এটি আবেগ!
কি জানি এইখন মঞ্চ এৰিব লাগিব
বুকুৰ মাজত উমি উমি জ্বলে হায়!
মায়াভৰা পৃথিৱীখন এৰিব লাগিব
ধৰণীৰ দয়াত জ্বলে একুৰা জুই বুকুত
এটি আবেগ হায়! এটি আবেগ!
ফু্লনীৰ বাৰীখন এৰিব লাগিব এদিন
বিধাতাৰ সৃষ্টিত জন্ম লৈছিলো হায়!
কিবা কৰিব পাৰিলো নে ইয়াত?
গুম-জুম ,গুম-জুম কৰি কান্দে হিয়া
আৱেগৰ বেদনাত উপচি উঠে অন্তৰ
এটি আবেগ হায়! এটি আবেগ হায়!
দয়া কৰা দয়াময় প্ৰভু! হে মোৰ প্ৰভু!
মন জ্বলে তন জ্বলে নয়ন জ্বলে হে প্ৰভু !
মৃত্যুৰ ভয়ত হে প্ৰভু, যম দূত আছে আগত
'অ' বিধাতা সত্তৰ(৭৹) বাৰ মনত পৰে
'অ' মোৰ দয়া বুকুখন দপ, দপ কৰে প্ৰভু
এটি আবেগ হায়! এটি আবেগ!
বিশ্ব ভূমণ্ডলক বেদী সপ্তাদিমণ্ডল শুধি
নাপালোঁ যেন তাৰ সমাধান বিচাৰি
কি যেন মায়াভরা পৃথিৱীখন এৰিব লাগিব
কিবা লগতে লৈ যাব পাৰিম জানো হবলা
আছে নেকি কাৰোবাৰ হাতত ইয়াত উত্তৰ
এটি আবেগ হায়! এটি আবেগ !
চিৰ সত্য এইটোৱেই জীৱ মানে মৃত্যু
এদিন দুদিন কৰি পাৰ কৰিলো কুৰি
চাওঁতে, চাওঁতে সময় গ'ল উৰি
আহি পালেহি জীৱনৰ বিয়লি বেলা
খেলিছিলো জীৱনৰ লগত বহুতো খেলা
এটি আবেগ হায়! এটি আবেগ হায়!!!!
ছেলিমা বেগম
নগাঁও
আমাৰ শিশু আমাৰ দেশৰ ভবিষ্যতৰ সম্পদ ,
কোনেও নকৰিবা নষ্ট সাৰ পানী দি গঢ়ি তুলিম এয়া আমাৰ কাম্য ৷
আমাৰ শিশু আমাৰ ঘৰখনৰ নহয় দেশৰ ভবিষ্যতৰ সম্পদ ৷
আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক ,
শিশু আমাৰ জাতিৰ অমূল্য সম্পদ ৷
শিশুক সুস্থ কৰিলেহে দেশখন সুস্থ হ’ব ৷
সৰল আৰু নিস্পাপ শিশুসকল এখন দেশৰ মানৱ সম্পদ ৷
জাতিৰ খুড়া নেহৰু শিশুসকলক মৰম , স্নেহ কৰি গঢ়ি তুলিছিল অতি যতনেৰে ,
খুড়া তোমাৰ আদৰ্শ পালন কৰি আমিও কৰিছোঁ শিশুক সুৰক্ষিত ৷
আমাৰ দেশৰ ভবিষ্যতৰ সম্পদ যাতে কোনেও কৰিব নোৱাৰে নষ্ট ৷
মনটো ভাল নগা নাই৷নদীৰ পাৰত বহি বহি হেৰুৱা সপোনবোৰ আমনি কৰি আছে ৷কিজানি আকৌ বুটলি আনিব পাৰিম হেৰুৱা সপোন ৷কেতিয়াবা মন যায় সকলোতে চুটি লৈ তোমাৰ কথা ভাবি ভাবি দিনবোৰ পাৰ কৰি দিম ৷এনেতে পিছফালৰ পৰা অনিলে মাত লগালে হেৰৌ বন্ধু অকলে অকলে বহি কি কথা ভাবি আছ ৷ দিপকে হুমুনি এটা মাৰি কলে,
কিনোঁ শুনিবি আজি পাঁচটা বছৰ পাৰ কৰিলোঁ নিজৰ পত্নীক হেৰুৱাই ,স্মৃতিবোৰে আমনি কৰি থাকে সদায় ৷কথাটো শুনি অনিলৰ মনটো ভাঙি পৰিল ৷
ছেলিমা বেগম
জিলা নগাঁও
পৰকীয়া প্ৰেম:ছেলিমা বেগম
পৰকীয়া কিয় কৰিলা, তুমি মোৰ প্ৰিয়তমা
জীৱনৰ লগৰীয়াক কিয়, এৰিলা প্ৰিয়তমা
সোণৰ সংসাৰ কিয় ছাৰখাৰ কৰিলা প্রিয়তমা
নিজ সন্তানক কিয়, এৰি থৈ গুচি গৈছা প্ৰিয়তমা।
পাতিছিলো তোমাৰ হৈতে চিৰদিনিয়া যুৰা মৰমী
সপোনৰ ঘৰখনত ক'ত যেন সপোন ৰচিছিলো মৰমী ভাঙি চূৰমাৰ কৰি দিলা পৰকিয়া কৰি মোৰ মৰমী
বুকুৰ মাজত এশ এক কুৰি বেদনা দিলামোৰ মৰমী।
মা, মা, বুলিকান্দিছে নিজ সন্তান দুটি
মাৰ বুকুৰ উমৰ পৰা বঞ্চিত কৰিলা দুটিক
কিয়,কন্দোৱাই থৈ গুচি গৈছা পুণা দুটিক
কিয়, তুমি হেৰাই দিলা ভবিষ্যত দুটিক।
জীৱনৰ ৰং বোৰ কতনো হেৰাই দিলা
বাস্তৱত থকা অতীত চুৰমাৰ কৰি দিলা
কিয় তুমি হৃদয়ৰ আঁৰত চবি আঁকি দিলা
কেঁচা মৰম অছিল বুকুত ব্যথা ডালি দিলা।
আজি চৰাইয়ো নিজৰ যোৰা এৰি নাযায়
আৰু কোনোবাই এনে অবিসপ্ত জীৱন নাপায়
সাৱধান, সাৱধান, সাৱধান যোৰা এৰিব নাপাই
কোনেও নাযাবা ,নাযাবা যোৰা এৰি নাযাবা ।
এই বিশাল ধৰণীখন এখন মঞ্চ ।
অণুগল্প
ৰহিমলাই এমাহ ধৰি মদন চলিহা মহাজনৰ ঘৰ লৈ বাটকুৰি বাই আছে ।কাৰণ মহাজনৰ ঘৰত মাহিলি কাম কৰি ল'ৰাৰ কলেজৰ খৰছ খিনি যোগান ধৰে। মহাজনৰ ঘৰত ৭৹৹টকা বাকী আছে।
ল'ৰাৰ কলেজৰ খৰছ খিনি এই মাহত দিব লাগিব। কলেজৰ খৰছ বহন কৰিবলৈ কৃপণ চলিহাৰ ঘৰত কাম কৰিব লৈ আহে। আজিও ৰহিমলা টকা খিনিৰ বাবে মহাজনৰ ঘৰত বহি আছে। সেই সময়ত মহাজনৰ ঘৰত কেইজনমান নামি দামী মানুহ সোমাই আহিল। মহাজনৰ ল'ৰাক মূখ্য অতিথি হিচাপে নিমন্ত্ৰণ দিবলৈ। চলিহাৰ পকেটৰ পৰা ৯৹৹৹হাজাৰ টকা উলিয়াই দি দিলে। হয়তো মুখ্য আসনৰ বাবে। মা ৰহিমলাই আজিও খালি হাতে ঘৰলৈ উভতিল।
ছেলিমা বেগম
জিলা নগাঁও
থানা জুৰীয়া
গাওঁ মেলেকা ধিং
ডাকঘৰ বলিকটীয়া
পিন নম্বৰ 782122
স্বাধীন দেশৰ নাগৰিক হিচাপে মোৰ মনৰ অনুভৱ
ছেলিমা বেগম
স্বাধীন দেশৰ নাগৰিক আমি স্বাধীন মনে থকিম আমি ৷স্বাধীনতা আমাৰ জন্মস্বত্ব অধিকাৰ এই দেশ আমাৰ জাতীয় পতাকাৰ সন্মুখত বুকুফিন্দাই থিয় দিম আমি ভাৰতৰ নাগৰিক ৷ ভাৰতৰ নাগৰিক হৈ আমি দেশখনত শান্তি বজাই ৰাখিম ৷ ধৰ্মনিৰপেক্ষ আমাৰ দেশ সকলো জাতি মিলি দেশৰ উন্নতি আনিম ৷উগ্ৰপন্থীৰ হাতৰ পৰা দেশখন বচাই ৰাখিম ৷কোনো কাৰণতে যাতে আমাৰ দেশত বিশৃংখলতা দেখা নিদিয়ে তাৰ পতি সচেতন হৈ থাকিম ৷ সু নাগৰিক হৈ শত্ৰুৰ পৰা দেশখন বচোৱা আমাৰ প্ৰতেককেৰেই দায়িত্ব ৷এজন ভাৰতৰ নাগৰিক হিচাপে মই ইয়াকে কও য়ে আমাৰ উঠি আহা নৱপ্ৰজন্মই যাতে কোনো কাৰণতে কু অব্যাহত যুগ দিব নোৱাৰে ৷ তাৰ পতি আমাৰ অভিভাৱক সকল সচেতন হব লাগিব ৷ নৱপ্ৰজন্মই আমাৰ দেশৰ ভবিষ্যত ,সিহঁতক আমি সু নাগৰিক বনাই পৰিচয় দিব লাগিব ৷
১৯৪৭ চনৰ ১৫ আগষ্টত আমি ভাৰতবাসীয়ে স্বাধীনতা পালোঁ ৷বৃটিছৰ তলতীয়া হৈ আমাৰ ভাৰতৰ মানুহবোৰ কিমান যে হাৰাশাস্তি ভুগিব লগা হৈছিল আজিও ভাৰতৰ জনসাধাৰণে পাহৰিব পৰা নাই ৷যি সকলৰ শ্বহীদৰ তেজৰ বিনিময়ত আমি স্বাধীনতা পালোঁ তেখেত সকলক আমি স্যালুট জনাও ৷চাওঁতে চাওঁতে ৭৫ ৰছৰত ভৰি দিলে ৷৭৫ সংসাৰ স্বাধীনতা দিৱস যাতে সকলো ভাৰতৰ বাসিন্দা সকলে প্ৰতেককেই ঘৰে ঘৰে এখন জাতীয় পতাকা সন্মান সহকাৰে উৰুৱাম ৷
১৫ আগষ্টত দেহৰ শত শত
বীৰৰ তেজৰ বিনিময়ত আমি
ভাৰতবাসীয়ে পালোঁ স্বাধীনতা,
আহক আমি শ্ৰদ্ধাঞ্জলী জনাও
ফাঁচি অথচ বন্দুকৰ গুলীক
ভয় নকৰি দেশৰ কাৰণে প্ৰাণ
আহুতি দিয়া শ্বহীদ সকলক প্ৰণাম জনাও ৷
ভবিষ্যত প্ৰজন্মৰ স্বাধীনতাৰ সোৱাদ
দিবলৈ গৈ নিজৰ জীৱন বলিদান
দিয়া সকলক স্যালুট জনাও ৷
গৌৰৱ কৰোঁ আমি এই ভাৰতৰ
পবিত্ৰ ভূমিত জন্ম লৈ স্বাধীন মনে
থকিব পাৰিছোঁ ৷
ভাৰত আমাৰ জন্মভূমি
স্বদেশ আমাৰ গৌৰৱ
আমি গৌৰৱ কৰো ভাৰতৰ
ত্ৰিৰঙ্গা পতাকা লৈ“
জাতীয় পতাকা খনিক
জনাও শত বাৰ ছালাম
আঁহা আঁহা বীৰপুৰুষৰ
সন্তান হাতে হাতে জাতীয়
পতাকাখন লৈ মান ৰক্ষাৰে
উৰুৱাবলৈ ৷
তোমাৰ বাবে হ’ব বিচাৰিছোঁ ,
তোমাৰ বিশ্বাসী আপোন জন
তোমাৰ নামত পাৰ কৰিম
উজাগৰী নিশা , অকল তোমাৰ নামত ৷
তোমাৰ কথা ভাবি ভাবি পাৰ কৰোঁ দিন-ৰাতি ,
মিছাঁ প্ৰতিশ্ৰুতি নিদিবা মোক , কাৰণ
দিনটো আৰাম্ভ হয় তোমাৰ নামত ৷
এটা পাথৰ যতেষ্ট
এটুকুৰা কাচঁ ভাঙিবলৈ“
এটা কথাই যতেষ্ট
এটা মন ভাঙিবলৈ“
লগ দিবলৈ চেষ্টা কৰিবা ,
মিছাঁ প্ৰতিশ্ৰুতি নিদিবা
প্ৰতিশ্ৰুতি ভাঙি যাব পাৰে ৷
সপোনত আহি প্ৰতিশ্ৰুতি নিদিবা ,
সপোন হেৰাই যাব পাৰে ,
বাস্তৱত আহি লগ দিবা
বাস্তৱ হেৰাই নাযায় ৷
ছেলিমা বেগম
জিলা নগাঁও
ইবলিনা =:ডেইজী অ ডেইজী টোপনিৰ পৰা এতিও উঠা নাই অ ডেইজী উঠা না শেৱালি ফুল কেইটা বুটলি আনিবলৈ যাওঁ ।ৰ'দ দিলে ফুলবোৰ লেহেৰি যাব। ডেইজী টোপনিৰ পৰা সাৰ পালে আৰু দুয়ো সখী মিলি ফুল বুটলিবলৈ ওলাই যায়।
দীপ =: ঐ তহঁতে ফুলবোৰৰ সদায় বুটলি লৈ যোৱা। আমাৰ কাৰণে অলপ থৈ যাবি। আমাকো শেৱালী ফুলৰ সুবাসে মন মতলীয়া কৰে ফুলৰে পূজা কৰিম। হব দীপ আধাখিনি থৈ দিছোঁ তোমাৰ কৰনে।
এনেধৰণে ইবলিনা আৰু ডেইজীয়ে শৰৎ আহিলে ফুল বুটলি আনে। দীপয়েও সিহঁতৰ লগত ফুল বুটলি বুটলি এদিন তিনিও জন ডেকা গাভৰু হ’লে
। সিহঁতৰ মাজত বন্ধুত্ব গঢ়ি তুলিলে। প্রেতেক বছৰৰ ধৰে এইবাৰো তল সৰা শেৱালী আনিবলৈ যাওঁতে দিপে মাত লগালে ঐ ইবলিনা তহঁত এতিয়া আৰু সৰু হৈ থকা নাই। এই বাৰ ফুল নি কাক পূজা কৰিবি। ইবলিনা টপৰাই উত্তৰ দিলে মনৰ মানুহ জনক।
কোন অ সেই জন তোৰ মনৰ মানুহ জন জানিব পাৰিম নে? নিশ্চয় জানিবি এদিন, এই কথা কৈ দুয়ো সখী দৌৰ মাৰি ঘৰ পালেহি। দীপৰ সিহঁতৰ কথা শুনি নিজকে অলপ লাজ লাজ ভাব লাগিল আৰু মনৰ আনন্দৰে অলপ হাঁহিলে।
পিচদিনা ইবলিনা আৰু ডেইজী আবেলি সময়ত অলপ ফুৰিব লৈ ওলাই গৈছিল ।দুয়ো সখী মুখত পাউডাৰ হানি ওঁঠত লিপষ্টিক লগাই ধুনীয়াকৈ সাজি কাচি ফুৰি আছে।
দীপ=:মা আজি বজাৰৰ পৰা কিবা আনিব লাগিব নে কি? হয় দীপ বজাৰত ওলাইছ নে, হয় মা, তেনে হলে টকা কেইটা লৈ যা চাহ পাত চেনি অলপ আনিবা, ঠিক আছে মা। ডেকা দীপ মনৰ আনন্দৰে গুণ গুণাই গান গাই গৈ আছে। আদাবাটতে ইবলিনা আৰু ডেইজীক লগ পালে। ইবলিনা মাত লগালে ঐ দীপ ইমান সাজি কাচি কলৈ, ঐ তহঁত দুটা কি কৰিছ ইয়াত। আমি দুয়ো এতিয়া আৰু তল সৰা শেৱালি ফুল বিছৰা নাই। কাৰোবাৰ মনৰ প্রেম বিছাৰি আছোঁ। ঐ ইবলিনা প্রেম ৰাস্তাত বিছাৰিলে নাপাবি, কাৰোবাৰ অন্তৰত সোমাব লাগিব। তেতিয়া হলে শেৱালি ফুলৰ মালা পিন্ধাব পাৰিবি। তেনেহলে দীপ তোকেই সেই ফুলৰ মালা পিন্ধাই দিম।
✍️ছেলিমা বেগম
জিলা নগাঁও
থানা জুৰীয়া
গাঁও মেলেকাধিং
ডাক ঘৰ বলিকটীয়া
পিন নম্বৰ 782122
কথাৰ চলেৰে আইতাই কৈছিলে ,
পাটৰ কটীঁয়া পাটতেই বুঢ়া হবি তই
কিনো অভিশাপ দিলে আইতাই
হায় ! ছোৱালীৰ জীৱন ,এদিন
য়াব লাগে জগতৰ নিয়ম মানি
মই নন্দিনীৰ যে অভিশাপ আছে
কেনেকৈ যাম স্বামীৰ ঘৰত ৷
মোক যে অচিন ৰোগ এটাই
আক্ৰান্ত কৰিলে তাৰ কোনো
চিকিৎসা নাই কাৰো হাতত ৷
মই যে দিনে দিনে চেহেৰা কুৎসিত
হবলৈ ধৰিলে ,মুখৰ দাঁত কেইটা
এটা এটা কৈ সৰকি পৰিল ৷
মই যে কুৰিতেই বুঢ়ী হবলৈ ধৰিলোঁ
পাটৰ কটীঁয়া পাটৰতেই থাকি মৃত্যুৰ
হৈতে যুঁজি যুঁজি অবেশেষত মৃত্যুক
জয় কৰিলোঁ ,এয়াই আছিল নন্দিনীৰ
জীৱনৰ অভিশাপ !
ছেলিমা বেগম ৷
এই দুচকুৰে চকুলো কেতিয়া ওলাই
এই মনৰ মাজত আৱেগ যেতিয়া ওলাই।।
এই দুচকুৰে মৰমবোৰ জাগে
এই দুচকুৰে ঘৃণাৰ ভাব জাগে।।
এই দুচকুৰে হাঁহি, কান্দোন ওলাই
এই দুচকুৰে দুগালেচকুলো ওলাই।।
মোৰ চকুলোৰ যাৰ ওচৰত দাম নাই
তাৰ কাৰণে চকুলো কেতিয়াও নোটুকু
এই দুহাতেৰে চকুলো মুচি লম
আশা কৰো মৃত্যুৰ পিছত দাম পাম।।
মই মৰিলে কাৰো কোনো ক্ষতি নহয়
মই মৰিলে সকলো ঠিকেই থাকিব ।।
মই যেতিয়া জীৱনৰ মায়া এৰি গুচি যাম
আশা কৰো মোৰ কৱৰস্তানৰ ওচৰত দোৱা পাম।।
✍️ছেলিমা বেগম
অণুগল্প
ছেলিমা বেগম ৷
দীপাৱলী দিনা অঘটন ::
মিৰা তাইৰ লগৰীয়া লগত সন্ধিয়া সময়ত আনন্দত আত্মাহাৰা হৈ পোহৰৰ উৎসৱ মানাবলৈ ফটকা ,তৰা বাতি আতকবাজী লৈ জ্বলাই আছে ৷মায়ে ভিতৰত মিঠাই বনাই আছে আলহীক লগত লৈ কিছু সময়ৰ পিছত আহি খাব ৷এনে সময়তে বাহিৰৰ পৰা এটা বিকট শব্দ আহিল মিৰাৰ মায়ে দৌৰাদৌৰি কৈ মিৰাৰ ওচৰ পালেহি ৷ হায় ! এয়া কি আজিৰ পৰা মিৰা আৰু দুই চকুৰে এইখন সেউজীয়া পৃথিৱী দেখিব নোৱাৰিব ৷
মোৰেই ভুল যদি সাৱধানে ফটকা ফুটাবলৈ দিলোহেঁতেন আজি এই দিন দেখিবলৈ নাপালোঁহেঁতেন !
ছেলিমা বেগম জিলা নগাঁও
প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...