Showing posts with label চুটি গল্প. Show all posts
Showing posts with label চুটি গল্প. Show all posts

Tuesday, November 08, 2022

বলা সখী তল সৰা শেৱালী বুটলিবলৈ যাওঁ :ছেলিমা বেগম

চুটি গল্প 

বলা সখী তল সৰা শেৱালী বুটলিবলৈ যাওঁ 

ইবলিনা =:ডেইজী অ ডেইজী টোপনিৰ পৰা এতিও উঠা নাই অ ডেইজী উঠা না শেৱালি  ফুল কেইটা বুটলি আনিবলৈ যাওঁ ।ৰ'দ দিলে ফুলবোৰ লেহেৰি যাব। ডেইজী টোপনিৰ পৰা সাৰ পালে আৰু দুয়ো সখী মিলি ফুল বুটলিবলৈ ওলাই যায়। 

দীপ =: ঐ তহঁতে ফুলবোৰৰ সদায় বুটলি লৈ যোৱা। আমাৰ কাৰণে অলপ থৈ যাবি। আমাকো শেৱালী ফুলৰ সুবাসে মন মতলীয়া কৰে ফুলৰে পূজা কৰিম। হব দীপ আধাখিনি থৈ দিছোঁ তোমাৰ কৰনে। 

            এনেধৰণে ইবলিনা আৰু ডেইজীয়ে শৰৎ আহিলে ফুল বুটলি আনে। দীপয়েও সিহঁতৰ লগত ফুল বুটলি বুটলি এদিন তিনিও জন ডেকা গাভৰু হ’লে 

। সিহঁতৰ মাজত বন্ধুত্ব গঢ়ি তুলিলে। প্রেতেক বছৰৰ ধৰে এইবাৰো তল সৰা শেৱালী আনিবলৈ যাওঁতে দিপে মাত লগালে ঐ ইবলিনা তহঁত এতিয়া আৰু সৰু হৈ থকা নাই। এই বাৰ ফুল নি কাক পূজা কৰিবি। ইবলিনা টপৰাই উত্তৰ দিলে মনৰ মানুহ জনক। 

কোন অ সেই জন তোৰ মনৰ মানুহ জন জানিব পাৰিম নে? নিশ্চয় জানিবি এদিন, এই কথা কৈ দুয়ো সখী দৌৰ মাৰি ঘৰ পালেহি। দীপৰ সিহঁতৰ কথা শুনি নিজকে অলপ লাজ লাজ ভাব লাগিল আৰু মনৰ আনন্দৰে অলপ হাঁহিলে। 

                 পিচদিনা ইবলিনা আৰু ডেইজী আবেলি সময়ত অলপ ফুৰিব লৈ ওলাই গৈছিল ।দুয়ো সখী মুখত পাউডাৰ হানি ওঁঠত লিপষ্টিক লগাই ধুনীয়াকৈ সাজি কাচি ফুৰি আছে। 

দীপ=:মা আজি বজাৰৰ পৰা কিবা আনিব লাগিব নে কি? হয় দীপ বজাৰত ওলাইছ নে, হয় মা, তেনে হলে টকা কেইটা লৈ যা চাহ পাত চেনি অলপ আনিবা, ঠিক আছে মা। ডেকা দীপ মনৰ আনন্দৰে গুণ গুণাই গান গাই গৈ আছে। আদাবাটতে ইবলিনা আৰু ডেইজীক লগ পালে। ইবলিনা মাত লগালে    ঐ দীপ ইমান সাজি কাচি কলৈ, ঐ তহঁত দুটা কি কৰিছ ইয়াত। আমি দুয়ো এতিয়া আৰু তল সৰা শেৱালি ফুল বিছৰা নাই। কাৰোবাৰ মনৰ প্রেম বিছাৰি আছোঁ। ঐ ইবলিনা প্রেম ৰাস্তাত বিছাৰিলে নাপাবি, কাৰোবাৰ অন্তৰত সোমাব লাগিব। তেতিয়া হলে শেৱালি ফুলৰ মালা পিন্ধাব পাৰিবি। তেনেহলে দীপ তোকেই সেই ফুলৰ মালা পিন্ধাই দিম।


✍️ছেলিমা বেগম 

জিলা নগাঁও 

থানা জুৰীয়া 

গাঁও মেলেকাধিং 

ডাক ঘৰ বলিকটীয়া 

পিন নম্বৰ 782122 

Thursday, October 13, 2022

মাতৃ চৰণত:গীতাশ্ৰী বড়া

চুটি গল্প

মাতৃ চৰণত:

কোনে মোক      তুলি - তালি 
          কৰিলে ডাঙৰ
মৌ-সনা                মিঠা মাতে
            পাহৰি ভাগৰ ।।
              
জন্মৰ প্ৰথম দিনৰে পৰা যি মোক তুলি-তালি ডাঙৰ- দীঘল কৰিলে । সেয়া "মা" তুলনা কৰিব নোৱাৰি । পানী কেচুঁৱা অৱস্থাত মায়েই কোলাত তুলি -তালি লৈ ফুৰিছিল। যেতিয়া কান্দি কান্দি থৰ লাগিচিলো ।তেতিয়া মায়ে মৰম কৰি কৰি কান্দোন বন্ধ কৰিছিল।মায়ে হাতত ধৰি ধৰি লিখিবলৈ শিকালে । কথা কবলৈ শিকালে।সৰুতে মাক নেদেখিলে এক মূহুৰ্তও কটাব নোৱাৰিছিলো । তেতিয়া মায়ে শুশ্ৰূষা কৰিছিল । প্ৰতিটো ৰাতি উজাগৰে কটাইছিল । এই দৰে মায়ে নিজৰ সুখ - দুখ পাহৰি কেৱল মোৰ সুখৰ বাবেই ইমান কষ্ট কৰিছিল। মোৰ মা অতি মৰমৰ ।মাৰ মাতত আমি সকলো দুখ ভাগৰ পাহৰি যাওঁ। সেয়ে আমি মায়ে দুখ পোৱা কাম কৰিব নালাগে । মাৰ সুখৰ বাবেই আমি  পঢ়ি - শুনি  এজন ভাল মানুহ হ'ব লাগিব।আৰু মায়ে আমাৰ বাবে অশেষ কষ্ট স্বীকাৰ কৰে । মোৰ মা এগৰাকী সু - গৃহিণী আৰু শ্ৰদ্ধাশীল নাৰী । মা হ'ল আমাৰ ঘৰখনৰ চালিকা শক্তি। 
   সেয়ে কয় আই সমান হ'ব কোন ।
   নৈৰ সমান ব'ব কোন‌ ।।


✍️গীতাশ্ৰী বড়া।

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...