Tuesday, October 04, 2022

নষ্ট কবি:ৰাহুল চেতিয়া

 নষ্ট কবি:

নিলিখোঁ আৰু কবিতা!

মই যে নষ্ট কবি,

চন্দহীন মাদ্যকতাৰ

অনুভৱহীন অলেখ ছবি।

শব্দবোৰ সুৰ হীন

ৰসাল হীন বাক্য কবিতাৰ

মই যে নষ্ট কবি 

 ৰাতিপুৱাৰ কুঁৱলি বোৰক

নুসুধিবা সুখৰ কথা

লাজত দুবৰী বন বোৰ দোঁ খাব।

নিলিখোঁ আৰু ঘাট-প্ৰতিঘাত

প্ৰাপ্তি-অপ্ৰাপ্তিৰ

প্ৰেমৰ ৰোমান্টিক

 অতীতৰ কবিতা।

 দুখৰ হুমুনিয়াহ কাঢ়ি

চন্দ্যই কৈ যায়

  অনুগ্ৰহ কৰি... 

নাহিবা কবিতাৰ পৰিসীমালৈ আকৌ 

 ডেও দি  নাযাবা মোৰ পদূলিৰে 

অচিন চিনাকি হৈ

গুচি যাবা

অলেখ দূৰলৈ।।

উদ্দমাদ হৈ

বজাবলৈ নাহিবা

মোৰ হৃদয়ত 

প্ৰেম কবিতাৰ বীণ।

মই যে নষ্ট কবি।


ৰাহুল চেতিয়া,ধেমাজি



No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...