জীৱন :ৰাহুল চেতিয়া
Life is a quality that distinguishes matter that has biological processes, such as signaling and self-sustaining processes, from that which does not, and is defined by the capacity for growth, reaction to stimuli, metabolism, energy transformation, and reproduction.
এয়ে জীৱন নে?
জীৱনটো হেনো বৰ অনুপম
পোৱাবোৰ হেৰুৱাই
নোপোৱাবোৰ পাবলৈ,
প্ৰাপ্তি-অপ্ৰাপ্তিৰ প্ৰতিযোগিতাত
হাবাথুৰি খাই,
নোপোৱাৰ দুখতকৈ
পাই হেৰুৱাৰ দুখত
মতিভস্কৰ হৈ,
জীৱন নাও খনি
বুৰাই পেলাওগৈ
মাজ সাগৰৰ মাজত?
এয়াই নেকি জীৱন?
জীৱন এক উপন্যাসৰ কাহিনী
যত লিখিত হয়
হাজাৰ জনৰ মনৰ অনুভূতি......
জীৱন হেনো ইতিহাস
প্ৰতেক দিনেই সলনি হয় ইয়াৰ পৃষ্ঠা
মাথোঁ ৰৈ যায়
অতীতৰ স্মৃতি
শেষত হৈ পৰে
খালি পৃষ্ঠাত লিখা কিছু অভিজ্ঞতা....
এয়াই নেকি জীৱন?
জীৱন হেনো বোৱতীৰ নৈ দৰে
জীৱন সমৰৰ দৰে
মাথোঁ বুজি পাওঁ
জীৱন এক দীঘলীয়া ৰাস্তা
যত আছে ভাগৰ আৰু নিৰাশা।
জীৱনৰ সৈতে যুঁজি থকা
দুখৰ হিমনাত ৰৈ
হুমুনিয়াহ কঢ়া
দুখৰ ভাৰ লৈ,
অপেক্ষাৰত মই
জীৱনৰ সন্ধিয়া বেলাত
দুখৰ বন্যাত উঠি যাবলৈ
এটি পথৰ অপেক্ষাত … !
No comments:
Post a Comment