Monday, October 03, 2022

তোমালৈ মনত পৰে:ৰাহুল চেতিয়া

তোমালৈ মনত পৰে:ৰাহুল চেতিয়া

পাহৰিব বিচাৰিও

নোৱাৰোঁ পাহৰিব তোমাক

মোৰ অন্তৰৰ পৰা,

মচিব বিচাৰিও

নোৱাৰোঁ মচিব তোমাৰ ছবি

মোৰ হৃদয়ৰ পৰা...

ব্যস্ততাৰ মাজতো 

বাৰে বাৰে বিফল হৈছোঁ মই

চেৰেংকৈ মনত পৰে

তোমাৰলৈ!

গমেই পোৱা নাছিলোঁ

ইমান আপোন হলা কেনেকৈ!

মোৰ উৰুখা পজাৰ

ভগ্ন হৃদয়ৰ

জোনাকবিহীন নীলা আকাশৰ....

নীৰৱে ৰৈ আছিলোঁ তোমাৰলৈ

আহিবা এদিন ঘূৰি মোৰ কাষৰলৈ

আৰম্ভ কৰিম এক নৱ জীৱন!

কিন্তু হঠাতে গমপালোঁ

তুমি ফুল হৈ ফুলি আছা 

কাৰোবাৰ বুকুত.....

সপোনবোৰ সোণোৱালী কৰিছা

চিৰ জীৱনৰ লগৰী হোৱাৰ

প্ৰতিশ্ৰুতি দিছা,

মোৰ বুকুত এজাক

বিষাদৰ ধুমুহা বলাইছা.....


✍️ৰাহুল চেতিয়া

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...