Monday, October 03, 2022

তোমালৈ মনত পৰে:ৰাহুল চেতিয়া

তোমালৈ মনত পৰে:ৰাহুল চেতিয়া

পাহৰিব বিচাৰিও

নোৱাৰোঁ পাহৰিব তোমাক

মোৰ অন্তৰৰ পৰা,

মচিব বিচাৰিও

নোৱাৰোঁ মচিব তোমাৰ ছবি

মোৰ হৃদয়ৰ পৰা...

ব্যস্ততাৰ মাজতো 

বাৰে বাৰে বিফল হৈছোঁ মই

চেৰেংকৈ মনত পৰে

তোমাৰলৈ!

গমেই পোৱা নাছিলোঁ

ইমান আপোন হলা কেনেকৈ!

মোৰ উৰুখা পজাৰ

ভগ্ন হৃদয়ৰ

জোনাকবিহীন নীলা আকাশৰ....

নীৰৱে ৰৈ আছিলোঁ তোমাৰলৈ

আহিবা এদিন ঘূৰি মোৰ কাষৰলৈ

আৰম্ভ কৰিম এক নৱ জীৱন!

কিন্তু হঠাতে গমপালোঁ

তুমি ফুল হৈ ফুলি আছা 

কাৰোবাৰ বুকুত.....

সপোনবোৰ সোণোৱালী কৰিছা

চিৰ জীৱনৰ লগৰী হোৱাৰ

প্ৰতিশ্ৰুতি দিছা,

মোৰ বুকুত এজাক

বিষাদৰ ধুমুহা বলাইছা.....


✍️ৰাহুল চেতিয়া

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...