Monday, October 03, 2022

সোঁৱৰণী:ৰাহুল চেতিয়া

সোঁৱৰণী:ৰাহুল চেতিয়া



টোপ টোপ কৈ 

নিয়ৰৰ টোপাল বোৰ

এটুপাল দুটুপাল কৈ

যেতিয়া দুৱৰি বনত পৰে,

তেতিয়া তোৰলৈ

মোৰ সঘনে মনত পৰে..

কেনেকৈ নে পাহৰো

তাহানিৰ সেই কথা বোৰ

স্মৃতিৰ দলিছাত 

এতিয়াও সঘনে ভাঁহি থাকে।

জীৱনটো এখন নাও,

বঠা হীন এই নাওঁখন

বিশাল সাগৰত

 উটি ভাঁহি থাকে,

টুলুং ভুটুং কৈ

তইয়েই চোন 

মাজ সাগৰত 

ডুবাই দিলি

মোৰ এই জীৱন নাও খনি?


ৰাহুল চেতিয়া

নিলখ পূৰ চিলাপথাৰ

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...

শেহতীয়া সংখ্যা সমূহ