সোঁৱৰণী:ৰাহুল চেতিয়া
টোপ টোপ কৈ
নিয়ৰৰ টোপাল বোৰ
এটুপাল দুটুপাল কৈ
যেতিয়া দুৱৰি বনত পৰে,
তেতিয়া তোৰলৈ
মোৰ সঘনে মনত পৰে..
কেনেকৈ নে পাহৰো
তাহানিৰ সেই কথা বোৰ
স্মৃতিৰ দলিছাত
এতিয়াও সঘনে ভাঁহি থাকে।
জীৱনটো এখন নাও,
বঠা হীন এই নাওঁখন
বিশাল সাগৰত
উটি ভাঁহি থাকে,
টুলুং ভুটুং কৈ
তইয়েই চোন
মাজ সাগৰত
ডুবাই দিলি
মোৰ এই জীৱন নাও খনি?
ৰাহুল চেতিয়া
নিলখ পূৰ চিলাপথাৰ

No comments:
Post a Comment