Showing posts with label গীতাশ্ৰী বড়া. Show all posts
Showing posts with label গীতাশ্ৰী বড়া. Show all posts

Tuesday, January 03, 2023

নৱবৰ্ষ:গীতাশ্ৰী বড়া

🔴নৱবৰ্ষ 

         ▪️গীতাশ্ৰী বড়া

হে ২০২২ , দিছো তোমাক বিদায়, 

আকৌ আদৰিম নৱবৰ্ষ ২০২৩ ক। 

হিয়াত নতুন সপোন সজাই 

ক'ত দুখ - সুখৰ মাজত 

২০২২ ক কৰিলো পাৰ, 

চকুৰ আগত থাকিব সদায়। 

আকৌ আহিব নতুন বছৰ 

কেউপিনে  উদুলি  মুদুলি, 

নদীৰ পাৰত খাম আমি বনভোজ সকলোৱে মিলিজুলি,

Tuesday, December 13, 2022

তোমাক পোৱাৰ হেঁপাহ বোৰ মনতে সাচি ৰাখিচো:গীতাশ্ৰী বড়া

তোমাক পোৱাৰ হেঁপাহ  বোৰ মনতে সাচি ৰাখিচো.... 

                           গীতাশ্ৰী বড়া । 


মাইনি : ইমান সময়ৰ পৰা যে  মই ফোন কৰি আছো resep কৰা নাছিলা কিয়? কিহত  ইমান ব্যস্ত তুমি। নিজেটো  নকৰায়ে মই কৰিলেও নধৰা হ'ব দিয়া মোৰেই ভুল কৰিবয়ে নালাগিছিল মই 🥺মনত এবাৰো নপৰে নে মোলৈ এয়াই ভাল পোৱা ন 

 মাইনা : মাইনি কিয় এনেকৈ কোৱা মনত পৰে অ. . তোমাক মই কেনেকৈ বুজাম .. 

কিয় নো সৰু ছোৱালীৰ নিচিনা কৰা মোক জানো বুজি নোপোৱা তুমি 

মাইনি: পাও অ .  কিন্তু মোৰ খং উঠে জানা নে? 

মাইনা : জানো জানো, কিন্তু ইমান খং ভাল নহয় দে মাইনি । 

মাইনি : হ'ব হ'ব মোৰেই ভুল দিয়া soryyyy 

মাইনা : কিয়নো সৰু সৰু কথাতে soryy কোৱা অ 

মাইনি : ভুল হৈচে  মোৰ সেই কাৰণে কৈচো । 

 মাইনা: নাই হোৱা ভুল তোমাৰ। 

মাইনি : হ'ব দিয়া এইবোৰ বাদ দিয়া চোন 

মাইনা : কথাবোৰ বুজি পাইয়ো  কিয় এনেকোৱা কৰা 

মাইনি: বুজি নাপাও বুলি নকও পাও বুজি কিন্তু তোমাৰ পৰা অলপ মৰমৰ বুজনি ল' ব বিচাৰো। 

মাইনা: অ সেইটো কথা 

মাইনি : 🥺

মাইনা : কি হ'ল আকৌ 

মাইনি : নাই একো নাই 

মাইনা : কবা নে? 

মাইনি : 🥺

মাইনা : কান্দি কিয় আচা মাইনি তোমাৰ চকুত মই চকুপানী চাব নিবিচাৰো 

মাইনি : তোমাক মই 

মাইনা : কি কোৱা আকৌ এনেকোৱা কিয় কৰিছা। 

মাইনি : তোমাক নাপাও বুলি জানিও কিয় ইমান ভাল পাও , 

নাপালে মই কেনেকৈ থাকিম 

মাইনা : আৰে, আছো মই তোমাৰ লগত সদায়। 

মাইনি : প্ৰতিশ্ৰুতি দিয়া মোক । 

মাইনা : আছো তোমাৰ লগত প্ৰতিটো সময়তে, প্ৰতিটো পল যেতিয়াই বিচাৰা তেতিয়াই পাবা মোক 

মাইনি : এই কথাষাৰে মোক বহুত সাহস দিয়ে অ সোণ সদাই এনেকৈয়ে থাকিবা  সলনি নহবা কেতিয়াও।

মাইনা: আছো  থাকিম মই তুমি ভয় নকৰিবা 

    

    মৰম বোৰ সদায় এনেকৈয়ে থাকক মৰম বোৰ প্ৰকাশ কৰিবলৈ শব্দৰ অভাৱ  ।। প্ৰাপ্তি নোহোৱাকৈ ভালপাই থকাৰ প্ৰমাণ দিবলৈ আমাৰ প্ৰেমেই যথেষ্ট...

Tuesday, November 22, 2022

বীৰ লাচিত:গীতাশ্ৰী বড়া

 বীৰ লাচিত:গীতাশ্ৰী বড়া

        

  হে মহাবীৰ... 

তোমাক শত কোটি বাৰ প্ৰণাম, 

জাতিৰ বুকুত জাগ্রত কৰিলা  তোমাৰ নাম।


হে মহাবীৰ... 

আমাৰ স্বদেশৰ বীৰ , 

আজীও জীৱন তোমাৰ যাউতি  যুগীয়া 

তোমাৰ পথেৰে পথ আমাৰ চিৰযুগমীয়া। 


হে মহাবীৰ... 

মহান মহানায়ক 

তোমাৰ সাহসৰ বীৰত্ব দেখি, 

অসমে কৰে গৌৰৱ ।।

Thursday, November 10, 2022

শৰৎৰ আগমন:গীতাশ্ৰী বড়া

 শৰৎৰ আগমন:

শৰত মই নজনাকৈয়ে তই আকৌ আহিলি,

পদূলিৰ শেৱালীজোপাক তই আহি জগাই দিলি ।

তলসৰা শেৱালীৰে উপচি পৰিল প্ৰভাতৰ পদূলি,

যেন আকৌ ঘূৰাই পালোঁ সেই শৈশৱৰ লৰালি ।

যান্ত্ৰিকতাৰ যুগত হেৰাই গৈছে এই  মধুৰ পৰিৱেশ,

ভাবাচোন এইয়া আমিয়ে জানো কৰা নাই নীঃশেষ ? 


       গীতাশ্ৰী বড়া

Thursday, October 13, 2022

মাতৃ চৰণত:গীতাশ্ৰী বড়া

চুটি গল্প

মাতৃ চৰণত:

কোনে মোক      তুলি - তালি 
          কৰিলে ডাঙৰ
মৌ-সনা                মিঠা মাতে
            পাহৰি ভাগৰ ।।
              
জন্মৰ প্ৰথম দিনৰে পৰা যি মোক তুলি-তালি ডাঙৰ- দীঘল কৰিলে । সেয়া "মা" তুলনা কৰিব নোৱাৰি । পানী কেচুঁৱা অৱস্থাত মায়েই কোলাত তুলি -তালি লৈ ফুৰিছিল। যেতিয়া কান্দি কান্দি থৰ লাগিচিলো ।তেতিয়া মায়ে মৰম কৰি কৰি কান্দোন বন্ধ কৰিছিল।মায়ে হাতত ধৰি ধৰি লিখিবলৈ শিকালে । কথা কবলৈ শিকালে।সৰুতে মাক নেদেখিলে এক মূহুৰ্তও কটাব নোৱাৰিছিলো । তেতিয়া মায়ে শুশ্ৰূষা কৰিছিল । প্ৰতিটো ৰাতি উজাগৰে কটাইছিল । এই দৰে মায়ে নিজৰ সুখ - দুখ পাহৰি কেৱল মোৰ সুখৰ বাবেই ইমান কষ্ট কৰিছিল। মোৰ মা অতি মৰমৰ ।মাৰ মাতত আমি সকলো দুখ ভাগৰ পাহৰি যাওঁ। সেয়ে আমি মায়ে দুখ পোৱা কাম কৰিব নালাগে । মাৰ সুখৰ বাবেই আমি  পঢ়ি - শুনি  এজন ভাল মানুহ হ'ব লাগিব।আৰু মায়ে আমাৰ বাবে অশেষ কষ্ট স্বীকাৰ কৰে । মোৰ মা এগৰাকী সু - গৃহিণী আৰু শ্ৰদ্ধাশীল নাৰী । মা হ'ল আমাৰ ঘৰখনৰ চালিকা শক্তি। 
   সেয়ে কয় আই সমান হ'ব কোন ।
   নৈৰ সমান ব'ব কোন‌ ।।


✍️গীতাশ্ৰী বড়া।

Thursday, October 06, 2022

অনুভৱৰ শিকলি:গীতাশ্ৰী বড়া

 অনুভৱৰ শিকলি 
      ✍🏼গীতাশ্ৰী বড়া

আছে নে কোনোবা এনে ঐ 
শুনিবলৈ মানুহৰ মনৰ প্ৰাৰ্থনা,
বুজেনে কোনোবাই অন্তৰৰ আশা দৰিদ্ৰসকলৰ কি যন্ত্ৰণা 
আছে নে এনে কোনো . . .
পিতৃ - মাতৃৰ মৰম বুজা ,
জীৱন মৰণে ফুৰিছে বিচাৰি সন্তানৰ এমুঠি মৰমৰ বাবে ।
আছে নে কোনোবা এনে ঐ 
বুজিবলৈ ব্যৰ্থ প্ৰেমৰ বেদনা যিয়ে পাইয়ো হেৰুৱাই মনৰ কল্পনা ।
আছে নে এনে কোনো ...
প্ৰকৃত বন্ধুত্বক  বুজি পোৱা 
আছে জানো কোনোবা উপলব্ধি কৰিব পৰা।।

পৰিস্থিতি:গীতাশ্ৰী বড়া

পৰিস্থিতি

পৰিৱৰ্তন হ'ল সময়, 
   মন, 
 পৰিস্থিতি  । 
এই পৰিৱৰ্তিত সময়ত উটি 
সমাজ আজি বিশালী । 
কেৱল মাথোঁ, 
 স্বাৰ্থপৰ মানুহৰ 
না না অভিনয় 
 জীৱন যন্ত্রণাৰ 
দ্ৰুত স্পন্দনত চেতনাই লয় নিহালী। 
 
         এপিঠিত চাই দেখা পাওঁ
জীয়াই থকাৰ অমোঘ মন্ত্র, 
সিপিঠিত চাই দেখা পাওঁ 
      জীৱন বাটৰ যুদ্ধ।।
✍🏻গীতাশ্ৰী বড়া

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...