Thursday, November 10, 2022

শৰৎৰ আগমন:গীতাশ্ৰী বড়া

 শৰৎৰ আগমন:

শৰত মই নজনাকৈয়ে তই আকৌ আহিলি,

পদূলিৰ শেৱালীজোপাক তই আহি জগাই দিলি ।

তলসৰা শেৱালীৰে উপচি পৰিল প্ৰভাতৰ পদূলি,

যেন আকৌ ঘূৰাই পালোঁ সেই শৈশৱৰ লৰালি ।

যান্ত্ৰিকতাৰ যুগত হেৰাই গৈছে এই  মধুৰ পৰিৱেশ,

ভাবাচোন এইয়া আমিয়ে জানো কৰা নাই নীঃশেষ ? 


       গীতাশ্ৰী বড়া

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...