Tuesday, November 08, 2022

মনৰ যাতনা

মনৰ যাতনা:



উজাগৰী নিশাৰ

মাজ অংশত

এজাক মলয়া বতাহে

সেমেকা কৰে মোৰ

মনৰ কোণক।


প্ৰাক্তন প্ৰেমিকাৰ ছত্ৰ-ছায়াত

বিলীন যাও মই।

নিদ্ৰাক খুন কৰি

অনিদ্ৰাক সাৱটি ধৰি 

পাৰ কৰোঁ সম্পূৰ্ণ ৰাতি।


চাৰিওফালৰ সমালোচনা,

দেহত হিৰ হিৰাই থকা মনৰ যাতনা, 

পৰিয়ালৰ চাপে দিয়ে মোক

 অমানৱতাৰ যন্ত্ৰণা ।


 তোমাৰ অভিমানী মনে

ছলনাময়ী জীৱনে 

মোক বনালে স্বভিমানী।


জীৱন বাটত লগ পোৱা জনক

দেখুৱাব নোৱাৰোঁ পিৰিতি 

কাৰণ!

মনতে খুন্দিয়াই থাকে

তোমাৰ অভিমানী জীৱনৰ

ছলনাময়ী কাহিনীয়ে ।


✍️আহচানাল মাৰিফ

  ৮৬৩৮০৬৬৮০৬

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...