মনৰ যাতনা:
উজাগৰী নিশাৰ
মাজ অংশত
এজাক মলয়া বতাহে
সেমেকা কৰে মোৰ
মনৰ কোণক।
প্ৰাক্তন প্ৰেমিকাৰ ছত্ৰ-ছায়াত
বিলীন যাও মই।
নিদ্ৰাক খুন কৰি
অনিদ্ৰাক সাৱটি ধৰি
পাৰ কৰোঁ সম্পূৰ্ণ ৰাতি।
চাৰিওফালৰ সমালোচনা,
দেহত হিৰ হিৰাই থকা মনৰ যাতনা,
পৰিয়ালৰ চাপে দিয়ে মোক
অমানৱতাৰ যন্ত্ৰণা ।
তোমাৰ অভিমানী মনে
ছলনাময়ী জীৱনে
মোক বনালে স্বভিমানী।
জীৱন বাটত লগ পোৱা জনক
দেখুৱাব নোৱাৰোঁ পিৰিতি
কাৰণ!
মনতে খুন্দিয়াই থাকে
তোমাৰ অভিমানী জীৱনৰ
ছলনাময়ী কাহিনীয়ে ।
✍️আহচানাল মাৰিফ
৮৬৩৮০৬৬৮০৬
No comments:
Post a Comment