Tuesday, December 27, 2022

স্বাগতম নৱবর্ষ ২৹২৩

🆕নৱবৰ্ষ 

🔴স্বাগতম নৱবর্ষ ২৹২৩ 

ছেলিমা বেগম। 

জিলা নগাঁও 

ডাকঘৰ বলিকটীয়া 

পিন নম্বৰ 782122


 স্বাগতম’ স্বাগতম’ স্বাগতম দুহাজাৰ তেইশ 

বিগত বছৰটোত কৰা ভুলবোৰ  ৷


শুধৰণি কৰাৰ সময় আহিছে 

সময় আহে আৰু যায় ৷


গুচি যোৱা সময়ক কেতিয়াও

ওভতাই আনিব নোৱাৰি আমি৷


নিৰাশাবোৰ নাইকিয়া হৈ 

আশাবোৰ পূৰণ হওঁক ৷


সাঁচি থোৱা প্ৰতিটো সপোন 

বাস্তৱত পূৰণ হওঁক ৷


বিগত বচৰৰ মধুৰ মূহূৰ্তবোৰ 

স্মৃতিৰ মনিকুঠত ৰাখি ৷


নতুন বছৰৰ নতুন আশাৰে 

হেঁপাহৰে আগবাঢ়ি যাম ৷


নতুন বছৰত খোজ দিওতে 

নতুন সপোনবোৰ মনত বান্ধি ৷


নতুন বছৰত জীৱনৰ লক্ষ্য পূৰণ কৰি 

হাঁহি হাঁহি নতুন বছৰ পাৰ হওক ৷


দুখবোৰ অতীতক যোৱা পাহৰি 

সুখবোৰ নতুনক লোৱা আদৰি ৷


সফলতাৰ ফাকু চটিয়াই হাঁহি

আনন্দৰে ৰঙীন কৰি তোলক ৷


নতুন বছৰতে জাতি ’ ধৰ্ম নিৰবিষেশে

ভেদ ভাৱ’ শত্ৰুতাক নেওচি আহক ৷


আমি সুন্দৰ ভাবে গঢ়িতোলো 

এখন নিকা আৰু সুস্থ সমাজ ৷


©তাকে কামনা কৰি সকলো অসমবাসীক

নতুন বছৰৰ শুভেচ্ছা জনালোঁ ৷

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...