Wednesday, November 16, 2022

পৰকীয়া প্ৰেম:ছেলিমা বেগম

পৰকীয়া প্ৰেম:ছেলিমা বেগম

পৰকীয়া কিয় কৰিলা, তুমি মোৰ প্ৰিয়তমা 

জীৱনৰ লগৰীয়াক কিয়, এৰিলা প্ৰিয়তমা 

সোণৰ সংসাৰ কিয় ছাৰখাৰ কৰিলা প্রিয়তমা 

নিজ সন্তানক কিয়, এৰি থৈ গুচি গৈছা প্ৰিয়তমা।


পাতিছিলো তোমাৰ হৈতে চিৰদিনিয়া যুৰা মৰমী

সপোনৰ ঘৰখনত ক'ত যেন সপোন ৰচিছিলো মৰমী ভাঙি চূৰমাৰ কৰি দিলা পৰকিয়া কৰি মোৰ মৰমী  

বুকুৰ মাজত এশ এক কুৰি বেদনা দিলামোৰ মৰমী।


মা, মা, বুলিকান্দিছে নিজ সন্তান দুটি 

মাৰ বুকুৰ উমৰ পৰা বঞ্চিত কৰিলা দুটিক

কিয়,কন্দোৱাই থৈ গুচি গৈছা পুণা  দুটিক

কিয়, তুমি হেৰাই দিলা  ভবিষ্যত  দুটিক। 


জীৱনৰ ৰং বোৰ কতনো হেৰাই দিলা

বাস্তৱত থকা অতীত চুৰমাৰ কৰি দিলা 

কিয় তুমি হৃদয়ৰ আঁৰত চবি আঁকি দিলা

কেঁচা মৰম অছিল বুকুত ব্যথা ডালি দিলা। 


আজি  চৰাইয়ো নিজৰ যোৰা এৰি নাযায়

আৰু কোনোবাই এনে অবিসপ্ত জীৱন নাপায়

সাৱধান, সাৱধান, সাৱধান যোৰা এৰিব নাপাই 

কোনেও  নাযাবা ,নাযাবা যোৰা এৰি    নাযাবা  ।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...