মিনতি
যি নিয়তি স্ৰজিলে মোক
মিনতি কৰিছোঁ তেওঁক,
হৃদয় দাপোনত তুমি
চোৱা এবাৰ চকু মেলি।
প্ৰতি পুৱা গধুলি তোমাক সুৱৰি
প্ৰেমৰ দুৱাৰ খুলি দিছোঁ ,
নিৰলে আহি ৰোৱা
শুৱনি কৰি হৃদয় বননি ।
তোমাৰ এই নীতি- নিয়ম
তোমৰ এই মায়া সংসাৰ,
শত জন্মৰ কলংক সানি
যুগ যুগান্তৰ নৰক যন্ত্ৰণা ভুঞ্জি .......
জানো জানো তুমি উদাৰ
ক্ষমা কৰিবা আমাক ।
সৰু কৰি নিদিবা মোক
হৃদয়ৰ পৰিসৰ ,
আপোন- পৰ , শত্ৰু-মিত্ৰ
ঠাই পায় যেন সম ।
নিন্দা নকৰে ঈৰ্ষাই কৰে
আনৰ সুখত সুখী হওঁ সদায়,
অশেষ দুখী তেওঁ, কান্দো মই
সৰু আত্মা তাৰ ।
✍🏻মাৰ্জিনা বেগম ।
বৰপেটা
No comments:
Post a Comment