Wednesday, November 16, 2022

তুমি জানো শুনা নে:মাৰ্জিনা বেগম

 তুমি জানো শুনা নে?



তুমি জানো শুনা নে?

 হেৰা গোপন মৃত্যু দূত  !

মৃত্যুৰ কাটাতাৰ পাৰ হৈ গৈছে মানৱ ,

দূৰত্ব বাঢ়ি গৈছে স্বজনৰ চকুত,

নৰ-নাৰীৰ প্ৰেম বিষাক্ত বায়ুত

আজি মৃত্যুগন্ধী, শোকাতুৰ ।

 

তুমি জানো শুনা নে?

জনজীৱনৰ হাহাকাৰ,

একতীয়া হৈ শুৱা, 

উজাগৰী নিশাৰ যন্ত্ৰণা, 

ঘনাই লোৱা শ্বাস- প্ৰশ্বাসৰ সৈতে 

নিঃস্ব জীৱনৰ উঠানমা !

মাথোঁ  যান্ত্ৰিকতাই মেৰিয়াই ধৰা 

শূণ্য জীৱনৰ সৈতে

খোজ মিলাবলৈ  গৈ

গঢ়ি তোলা হয় বিশুদ্ধ  কবৰ........

 তুমি জানোঁ শুনা নে?


             ✍🏻 মাৰ্জিনা বেগম।



No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...