Tuesday, October 18, 2022

কাতি বিহু:ছেলিমা বেগম

◆কাতি বিহু

                 ছেলিমা বেগম জিলা নগাঁও

তুলসীৰ তলতে মৃগ পহু চৰে 
কাতি বিহু বুলি বন্তি জ্বলে ৷
ভোগালীৰ ভোক আতৰাবলৈ 
পথাৰত চাকি জ্বলাই লক্ষ্মী আনে ৷
পথাৰত চাকি জ্বলাই  পতঙ্গ নাই কৰে 
ঘৰে ঘৰে বন্তি জ্বলাই লক্ষ্মীক আদৰি আনে ৷
  
তুলসীৰ তলত চাকি জ্বলাই পূজা কৰে
গাৱৰে জীয়ৰী বোৱাৰীয়ে ৷
কাতি বিহু যে কঙালী নাই তাত ভোজ ভাত 
আকালত পালন কৰা হয় যে কাতি বিহুটি ৷

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...