Tuesday, October 18, 2022

কাগজৰ নাওঁ:সমূজ্বল ডেকা

কাগজৰ নাওঁ:

                       সমুজ্জ্বল ডেকা, ৰঙিয়া

সীমাহীন সপোনত,

কাগজৰ নাৱত,

উটি-ভাহি গ'লো।

ল'ৰালি কালত,

কাগজৰ নাৱত,

হৰ্ষৰ নাৱৰীয়া হ'লো।

কাগজৰ নাওঁ ডুবি গ'ল,

ল'ৰালিৰ স্বপ্ন ভংগ হ'ল।

বেলি ওলাল,

ৰাতি পুৱাল।

নয়নযুৰি মেল খালে,

ধাৱমান ভৰি দিঠকৰ ফালে।

সপোন হৈ ৰ'ল,

কাগজৰ নাওঁ।

আপোন হৈ গ'ল,

বাস্তৱৰ গাঁও।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...