Thursday, January 26, 2023

প্রবন্ধ :অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতি ৰক্ষাৰ বাবে নৱপ্ৰজন্ম সংকল্প বন্ধ হোৱাৰ সময় হ'ল, অন্যথা ভাষা সাহিত্য আৰু সংস্কৃতি লৈ শীঘ্ৰে নামি আহিব অমানিশা।

 প্রবন্ধ:অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতি ৰক্ষাৰ বাবে নৱপ্ৰজন্ম সংকল্প বন্ধ হোৱাৰ সময় হ'ল, অন্যথা ভাষা সাহিত্য আৰু সংস্কৃতি লৈ শীঘ্ৰে নামি আহিব অমানিশা। 


আৰম্ভণি =অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতি নৱপ্ৰজন্মৰ আমি ভাঙ্গি পাতি বিষয় বস্তু খিনি দিব লাগিব। আজি কালি আমাৰ সমাজত এনেকুৱা হৈছে যে মানুহে নিজৰ ভাষা ব্যৱহাৰ কৰিবলৈ টান পাইছে। সকলোৱে ইংৰাজী মাধ্যমত শিক্ষা প্ৰদান কৰি আছে। ব্যক্তিগত স্কুল কলেজবিলাকত ইংৰাজীত পাঠ দান দিয়ে সেয়ে আমাৰ নৱপ্ৰজন্মই অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতি আকোৱালি লব লৈ টান পাইছে। আমি যদি এইবোৰ নৱপ্ৰজন্মৰ মাজত প্ৰচাৰ নকৰো অন্যথা ভাষা সাহিত্য আৰু সংস্কৃতি আমাৰ নৰপ্ৰজন্মৰ মাজত নামি আহিব অমানিশা। 


                 অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতি আমি কৰ পৰা শিকিম, যি পুথি পঢ়িলে আমি কোনো এটা ভাষাৰ কথা কবলৈ আৰু লিখিবলৈ পাৰিম সেই ভাষাৰ ব্যাকৰণৰ নৱপ্ৰজন্মৰ মাজত প্ৰচাৰ কৰি দিব লাগিব। তেতিয়া হলে উঠি অহা নৱ প্ৰজন্ম বাস্তৱবাদী ৰূপ শিক্ষিবলৈ পাব। 

                আধুনিক যুগৰ অসমীয়া সাহিত্য পাঠ্য আৰু পশ্চত্যৰ মিলনৰ ফল।পশ্চিমীয়া শিক্ষাৰ যোগেদি পশ্চত্য কাব্য সাহিত্যৰ সংস্পৰ্শলৈ আহে। অসমৰ নতুন লেখক সকলে, সাহিত্যৰ নতুন ৰূপ দি  নৱপ্ৰজন্মৰ মাজত প্ৰচাৰ কৰিব লাগিব। 

                 শংকৰী যুগৰ বলিষ্ট সাহিত্যিক মাধৱদেৱৰ ঝুমুৰ সমূহ অসমীয়া সাহিত্যত গুৰুত্ব পূৰ্ণ সৃষ্টি। শংকৰদেৱৰ অঙ্কীয়া নাটৰ যোগেদি অসমীয়া ভাষা প্ৰচাৰ হৈছিল। ১৪ শ শতিকাৰ পৰা ১৬ শ শতিকাৰ শেষৰ বাগৰ সময়চোৱাত সাহিত্যক অসমীয়া সাহিত্যৰ যুগ বিভাজনত প্ৰাক শংকৰী যুগৰ অসমীয়া সাহিত্য নামেৰে নাম কৰণ হৈছিল। মেমসৰস্বতী, মধৱ কন্দলি, হৰিবৰ বিপ্ৰ, ৰুদ্ৰ কন্দলি ,যেওঁলোক আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ পূৰ্ব  কবি। বৰ্তমান যুগৰ কবি, সাহিত্যক সকলে এই বিলাক প্ৰচাৰ কৰি আমাৰ নৱপ্ৰজন্মৰ মাজত দিব লাগিব। তেতিয়া হলে আমাৰ মাজত অমানিশা নামি আহিব নোৱাৰে।

 .   .  . .. নৱ - প্ৰজন্ম আমাৰ সমাজৰ ভবিষ্যত , নৱ প্ৰজন্ম সকলক সংকল্পবদ্ধ হোৱাটো আমি অভাৱক সকলে দায়িত্ব লব লাগিব ৷নৱপ্ৰজন্মই হ’ল এখন সমাজৰ দাপোণ বা মেৰুদণ্ড স্বৰূপ ৷নৱপ্ৰজন্মই সদায় নতুনত্ব বিচাৰে , সমাজৰ বৈচিত্ৰ আৰু বৈভৱতাৰে সমৃদ্ধ বজাই ৰখাটো নৱপ্ৰজন্মৰ দায়িত্ব। ভাষা,সাহিত্য,সাংস্কৃতিক ইতিবাচক চিন্তা কৰাটো নৱপ্ৰজন্মৰ গুৰুত্বপূৰ্ণ দিশা হিচাপে বিবেচিত আমাৰ কৰতব্য ৷

         এতিয়াৰ যুগ আধুনিক যুগ ,আধুনিক যুগৰ পৰিবৰ্তন পাই আমাৰ সমাজখন পৰিবৰ্তন হৈ আছে ৷যত নেকি নিজৰ ভাষা ,৷সাংস্কৃতিকৰ কথা পাহৰি বিদেশৰ চালচলন লৈছে ৷নিজৰখিনি পাহৰি আনৰখিনি শিখিবলৈ লৈছে ৷গতিকে সমাজৰ সচেতন সকলে নৱপ্ৰজন্মক মুল সুতিলৈ ঘুৰাই অনাৰ পথ দেখুৱাই দিব লাগিব ৷তেতিয়া হলে নিশ্চয় আমাৰ ভাষা ,সাহিত্য , সাংস্কৃতি ঠিক মতে থাকিব ৷শিশুৰ মন সদায়  পবিত্ৰ এই সৰল মনত যি শিক্ষা দিয়া হয় সেইটো শিক্ষা লয় ৷যেনেকৈ কোমল বাঁহ এটাক যেনেকৈ গঢ়ি তুলিব পাৰি  তেনেকুৱাই গঢ় লয় ৷সাহিত্য হ’ল সমাজৰ দাপোণ স্বৰূপ ৷সাহিত্য অবিহনে এটা জাতিৰ ভাষা জীয়াই নাথাকে ৷শঙ্কৰদেৱে অঙ্কীয়া নাটকৰ জৰিয়তে ভাষা সাংস্কৃতিত প্ৰচাৰ কৰিছিল ৷আজি কালি তেনেকুৱা কৰি নৱপ্ৰজন্মৰ মাজত দিয়া নহয় ৷বৰঞ্চ বিদেশী কাৰ্য্য কলাপ দেখুৱাই সাংস্কৃতিক অনুষ্ঠানবিলাক চলাই নিয়ে সেয়ে অসমীয়া সমাজৰ কথা পাহৰি পেলাই ৷ভাষা ,সাহিত্য,সাংস্কৃতিক অবিহনে এটা জাতি অন্ধকাৰ হৈ পৰে ৷উঠি অহা নৱপ্ৰজন্মক শুদ্ধ বাট দেখুৱাই দিয়াটো আমাৰ সমাজৰ দায়িত্ব নহলে সমাজত “ ভাষা,সাহিত্য,সাংস্কৃতি লৈ শীঘ্ৰে নামি আহিব অনামিশা "



✍️নাম=ছেলিমা বেগম 

জিলা =নগাঁও (অসম) 

থানা =জুৰীয়া 

ডা:ঘৰ =বলিকটীয়া 

গাঁও =মেলেকাধিং

পিন নম্বৰ =782122

ফোন নম্বৰ =8822515195 

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

সহযাত্ৰী তৃতীয় খণ্ড ঋতুপর্ণা ইংতিপি

 সহযাত্ৰী  (তৃতীয় খণ্ড)  ✍️ ঋতুপর্ণা ইংতিপি/মৰিগাঁও      গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে।তাইৰ ভাগৰো  বহুত লাগিছে। গোটেই দেহটো অৱশ হৈ প...