Wednesday, November 16, 2022

স্বাধীন দেশৰ নাগৰিক হিচাপে মোৰ মনৰ অনুভৱ:ছেলিমা বেগম

স্বাধীন দেশৰ নাগৰিক হিচাপে মোৰ মনৰ অনুভৱ 


       

                                 ছেলিমা বেগম 


স্বাধীন দেশৰ নাগৰিক আমি স্বাধীন মনে থকিম আমি ৷স্বাধীনতা আমাৰ জন্মস্বত্ব অধিকাৰ এই দেশ আমাৰ জাতীয় পতাকাৰ সন্মুখত বুকুফিন্দাই থিয় দিম আমি ভাৰতৰ নাগৰিক ৷ ভাৰতৰ নাগৰিক হৈ আমি দেশখনত শান্তি বজাই ৰাখিম ৷ ধৰ্মনিৰপেক্ষ আমাৰ দেশ সকলো জাতি মিলি দেশৰ উন্নতি আনিম ৷উগ্ৰপন্থীৰ হাতৰ পৰা দেশখন বচাই ৰাখিম ৷কোনো কাৰণতে যাতে আমাৰ দেশত বিশৃংখলতা দেখা নিদিয়ে তাৰ পতি সচেতন হৈ থাকিম ৷ সু নাগৰিক  হৈ শত্ৰুৰ পৰা দেশখন বচোৱা আমাৰ প্ৰতেককেৰেই দায়িত্ব ৷এজন ভাৰতৰ নাগৰিক হিচাপে মই ইয়াকে কও য়ে আমাৰ উঠি আহা নৱপ্ৰজন্মই যাতে কোনো কাৰণতে কু অব্যাহত যুগ দিব নোৱাৰে ৷ তাৰ পতি আমাৰ অভিভাৱক সকল সচেতন হব লাগিব ৷ নৱপ্ৰজন্মই আমাৰ দেশৰ ভবিষ্যত ,সিহঁতক আমি সু নাগৰিক বনাই পৰিচয় দিব লাগিব ৷


১৯৪৭ চনৰ ১৫ আগষ্টত আমি ভাৰতবাসীয়ে স্বাধীনতা পালোঁ ৷বৃটিছৰ তলতীয়া হৈ আমাৰ ভাৰতৰ মানুহবোৰ কিমান যে হাৰাশাস্তি ভুগিব লগা হৈছিল আজিও ভাৰতৰ জনসাধাৰণে পাহৰিব পৰা নাই ৷যি সকলৰ শ্বহীদৰ তেজৰ বিনিময়ত আমি স্বাধীনতা পালোঁ তেখেত সকলক আমি স্যালুট জনাও ৷চাওঁতে চাওঁতে ৭৫ ৰছৰত ভৰি দিলে ৷৭৫ সংসাৰ স্বাধীনতা দিৱস যাতে সকলো ভাৰতৰ বাসিন্দা সকলে প্ৰতেককেই ঘৰে ঘৰে এখন জাতীয় পতাকা সন্মান সহকাৰে উৰুৱাম ৷


১৫ আগষ্টত দেহৰ শত শত 

বীৰৰ তেজৰ বিনিময়ত আমি

ভাৰতবাসীয়ে পালোঁ স্বাধীনতা,

আহক আমি শ্ৰদ্ধাঞ্জলী জনাও 

ফাঁচি অথচ বন্দুকৰ গুলীক 

ভয় নকৰি দেশৰ কাৰণে প্ৰাণ 

আহুতি দিয়া শ্বহীদ সকলক প্ৰণাম জনাও ৷

ভবিষ্যত প্ৰজন্মৰ স্বাধীনতাৰ সোৱাদ 

দিবলৈ গৈ নিজৰ জীৱন বলিদান 

দিয়া সকলক স্যালুট জনাও ৷

গৌৰৱ কৰোঁ আমি এই ভাৰতৰ

পবিত্ৰ ভূমিত জন্ম লৈ স্বাধীন মনে 

থকিব পাৰিছোঁ ৷

ভাৰত আমাৰ জন্মভূমি 

স্বদেশ আমাৰ গৌৰৱ 

আমি গৌৰৱ কৰো ভাৰতৰ

ত্ৰিৰঙ্গা পতাকা লৈ“ 

জাতীয় পতাকা খনিক 

জনাও শত বাৰ ছালাম 

আঁহা আঁহা বীৰপুৰুষৰ 

সন্তান হাতে হাতে জাতীয়

 পতাকাখন লৈ মান ৰক্ষাৰে 

উৰুৱাবলৈ ৷

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

সহযাত্ৰী তৃতীয় খণ্ড ঋতুপর্ণা ইংতিপি

 সহযাত্ৰী  (তৃতীয় খণ্ড)  ✍️ ঋতুপর্ণা ইংতিপি/মৰিগাঁও      গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে।তাইৰ ভাগৰো  বহুত লাগিছে। গোটেই দেহটো অৱশ হৈ প...