কবিতা: মই জৱাহৰে কৈছোঁ,
মই জৱাহৰে কৈছোঁ,
মতিলাল আৰু স্বৰূপ ৰাণীৰ পুত্ৰ
স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী,
আধুনিক ভাৰতৰ স্থপতি।
কোনোৱে কয় মই ৰাষ্ট্ৰনেতা আৰু দূৰদৰ্শী,
মোৰ গধুৰ উদ্যোগৰ একক আছিল
দেশৰ নতুন মন্দিৰ।
শ্লোগান দিছিলো 'আৰাম হাৰাম হায়'
কণমানি হতৰ বাবে মই
চাচা নেহৰু;
লাখ লাখ শিশুসকলৰ প্রতি আছিল অকৃত্ৰিম ভালপোৱা আৰু আকাংক্ষা।
মই কৈছিলো” আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক,
সিহঁত এটি বাগিচাৰ ফুলৰ কলি।
মই এজন চিঠিৰ মানুহ-
লিখিছিলো মোৰ 'আত্মজীৱনী', 'গ্লিম্পছ অৱ ৱৰ্ল্ড।
ময়েই পৰাধীনতাৰ সাগৰ সাঁতুৰি
তৰিলোঁ জয়ৰ পাল,
ময়েই মতিলালৰ পুত্ৰ জৱাহৰলাল।
মই শিশুৰ শৈক্ষিক,
মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে অহোপুৰুষাৰ্থ ভাৱে কাম কৰিছিলো,
মানুহে কয় ময়েই একমাত্ৰ প্ৰধানমন্ত্ৰী
যি শিশুৰ বাবে নিজৰ জীৱনৰ সৰহভাগ সময় নিয়োজিত কৰিছিলো।
✍️ৰাহুল চেতিয়া
নিলখপুৰ,ধেমাজি
যোগাযোগ:৬০০৩০৯৮২৩৩
No comments:
Post a Comment