অভিশাপ
কথাৰ চলেৰে আইতাই কৈছিলে ,
পাটৰ কটীঁয়া পাটতেই বুঢ়া হবি তই
কিনো অভিশাপ দিলে আইতাই
হায় ! ছোৱালীৰ জীৱন ,এদিন
য়াব লাগে জগতৰ নিয়ম মানি
মই নন্দিনীৰ যে অভিশাপ আছে
কেনেকৈ যাম স্বামীৰ ঘৰত ৷
মোক যে অচিন ৰোগ এটাই
আক্ৰান্ত কৰিলে তাৰ কোনো
চিকিৎসা নাই কাৰো হাতত ৷
মই যে দিনে দিনে চেহেৰা কুৎসিত
হবলৈ ধৰিলে ,মুখৰ দাঁত কেইটা
এটা এটা কৈ সৰকি পৰিল ৷
মই যে কুৰিতেই বুঢ়ী হবলৈ ধৰিলোঁ
পাটৰ কটীঁয়া পাটৰতেই থাকি মৃত্যুৰ
হৈতে যুঁজি যুঁজি অবেশেষত মৃত্যুক
জয় কৰিলোঁ ,এয়াই আছিল নন্দিনীৰ
জীৱনৰ অভিশাপ !
ছেলিমা বেগম ৷
No comments:
Post a Comment