সুধাকন্ঠ ভূপেন হাজৰিকা দেৱৰ মৃত্যু বাৰ্ষিকীত বিশেষ কবিতা
হে সুধাকণ্ঠ ভূপেনদা
✍️ ৰাজ ৰাহুল
হে সুধাকণ্ঠ ভূপেনদা,
তোমাৰ অমৃত কণ্ঠ আৰু সুৰেৰে
জনতাৰ হৃদয় জিনি
তুমি অমৰ হ'লা --!
কি যাদু আছিল তোমাৰ কণ্ঠত ?
মাত্ৰ এঘাৰ বছৰ বয়সতে
জীৱনৰ প্ৰথমটি গীত ৰচনাৰে
তুমি খোজ দিলা গীত আৰু সুৰৰ পৃথিৱীত--।
য'তেই যোৱা তুমি--সৃষ্টি হয় গীত
সুৰ দিয়া বলিষ্ঠ কণ্ঠেৰে--!
কেতিয়াবা নাৱত
কেতিয়াবা সীমান্তত
কেতিয়াবা বিদেশত
আৰু কেতিয়াবা নিৰলাত
সৃষ্টি হ'ল তোমাৰ
অমৰ গীতৰ কথা আৰু সুৰৰ ঝংকাৰ।
জননীৰ হকে জ্বলাই গ'লা
জাতীয় চেতনাৰ অমোঘ শলিতা।
বোলছবিৰ প্ৰযোজনাৰে
তুমি যে এজন সাৰ্থক প্ৰযোজক
প্ৰতিপন্ন কৰিলা সগৌৰৱেৰে ।
তোমাৰ গীতৰ হৃদয়স্পৰ্শী সুৰে
মুগ্ধ কৰে ল'ৰাৰ পৰা বুঢ়ালৈকে।
তোমাৰ কণ্ঠৰ অমল নিৱেদনত মুগ্ধ হৈ
কবি আনন্দ চন্দ্ৰ বৰুৱাই শুৱনি কৰিলে তোমাক
"সুধাকণ্ঠ" ৰ অপূৰ্ব মাল্যদানেৰে ।
হে গীত আৰু সুৰৰ সম্ৰাট,
তোমাক আজি সুঁৱৰিলোঁ
এই পৱিত্ৰ ক্ষণতে----!
তুমি য'তেই আছা কুশলে থাকা,
অসমীয়া সংস্কৃতিৰ পথাৰখন
তুমি জিলিকাই ৰাখা--
তোমাৰ অনন্য গীত আৰু সুৰৰ লহৰেৰে---।
No comments:
Post a Comment