Tuesday, November 08, 2022

জীৱৰ চকৰী

 অণুগল্প       

  জীৱৰ চকৰী।


        আমাৰ জীৱনটো এটা চকৰী অ' মহেন্দ্ৰ। পুৱাৰ পৰা পুৱালৈ টাকুৰী ঘূৰাদি ঘূৰি ঘূৰি এনুৰা সূতা মেৰোৱাদি জীৱনত কৰ্ম কৰোতেই পাৰ হ'ল। পিচে তাহানিতে ইজিপ্ত বাসীয়ে সময় নিৰিক্ষণ কৰিবলৈ বৱহাৰ কৰা সূৰ্যৰ পোহৰ আৰু এটা খুটিৰ সহায়ত এচটি এচটি শিলেৰে চকৰী সদৃশ কৈ চিন দি সময় নিৰূপণ কৰিছিল আৰু বৰ্তমানলৈকে আমি জীয়াই থকা জীৱন চকৰীটো ও সেই সময়ৰে আন্তৰ্গত নহয় নে?

        কিন্তু বেলিৰ পৰাই সময় উৎপন্ন জীৱৰো উৎপত্তি তাতেই। গতিকে মোৰ জীৱটোৱে এই কৰ্ম সাগৰত সাতুৰি নাঁদুৰী কি মানিক বুটলিলে তাৰ লেখ জোখ নেদেখা জনৰ হাতত। মহেন্দ ঔ সেয়ে চাই বুজি কাম কৰিবি, লাগিলে বিপ্ৰই হ'। চাবি পিচত বিপ্ৰদামোডৰে হে ঈশ্বৰক আলিংগন কৰিবলৈ সক্ষম হ'ল! মাত্ৰ খুজি অনা সেই টোপোলাটোৰ  ৰহস্য ভেদ কৰিবলৈ ।


মালিনী শইকীয়া।

    লখিমপুৰ।

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

সহযাত্ৰী তৃতীয় খণ্ড ঋতুপর্ণা ইংতিপি

 সহযাত্ৰী  (তৃতীয় খণ্ড)  ✍️ ঋতুপর্ণা ইংতিপি/মৰিগাঁও      গা-পা ধুই আজৰি হোৱা মানে তিনি বাজিলে।তাইৰ ভাগৰো  বহুত লাগিছে। গোটেই দেহটো অৱশ হৈ প...