Showing posts with label মালিনী শইকীয়া. Show all posts
Showing posts with label মালিনী শইকীয়া. Show all posts

Tuesday, November 22, 2022

অণুগল্প:মালিনী শইকীয়া

 অণুগল্প

                        মালিনী শইকীয়া।


             বোজা                

              প্ৰতিদিনে ওপৰলৈ চাই হাতযোৰ কৰি বিষণ্ণ মনে সদায়ে কিবা ভাবুক হৈ থকা অনুপমৰ মুখত আজি খোলা হাঁহি দেখি খুৰাকে সাৱতি ধৰিলেহি।তাকে দেখি খুৰীয়েকৰ বেকা চকু। মনতে ভাৱিলে নিজৰ লৰাটোৱে ফেল কৰাৰ পিচটো এই জনৰ ফুৰ্টি চোৱা !

            অনুপমে আৱেগিক হৈ খুৰাকক ক'বলৈ মন গৈছিল, যে খুৰীয়েকে তাৰ ভায়েক অৰ্থাৎ নিৰুপমৰ পৰা তাক সদায়ে দূৰে দূৰে থাকিবলৈ কয়। খোৱা বোৱাৰ সময়টো। পিচে নকলে , মাত্ৰ ক'লে এতিয়াৰ পৰা আপোনালোকৰ বোজাটো কমিব। মা দেউতাই  স্বৰগৰ পৰা দিয়া আৰ্শীবাদৰ ফুলবোৰত নিয়ৰৰ মুকুতা সৰিল ।

Tuesday, November 08, 2022

জীৱৰ চকৰী

 অণুগল্প       

  জীৱৰ চকৰী।


        আমাৰ জীৱনটো এটা চকৰী অ' মহেন্দ্ৰ। পুৱাৰ পৰা পুৱালৈ টাকুৰী ঘূৰাদি ঘূৰি ঘূৰি এনুৰা সূতা মেৰোৱাদি জীৱনত কৰ্ম কৰোতেই পাৰ হ'ল। পিচে তাহানিতে ইজিপ্ত বাসীয়ে সময় নিৰিক্ষণ কৰিবলৈ বৱহাৰ কৰা সূৰ্যৰ পোহৰ আৰু এটা খুটিৰ সহায়ত এচটি এচটি শিলেৰে চকৰী সদৃশ কৈ চিন দি সময় নিৰূপণ কৰিছিল আৰু বৰ্তমানলৈকে আমি জীয়াই থকা জীৱন চকৰীটো ও সেই সময়ৰে আন্তৰ্গত নহয় নে?

        কিন্তু বেলিৰ পৰাই সময় উৎপন্ন জীৱৰো উৎপত্তি তাতেই। গতিকে মোৰ জীৱটোৱে এই কৰ্ম সাগৰত সাতুৰি নাঁদুৰী কি মানিক বুটলিলে তাৰ লেখ জোখ নেদেখা জনৰ হাতত। মহেন্দ ঔ সেয়ে চাই বুজি কাম কৰিবি, লাগিলে বিপ্ৰই হ'। চাবি পিচত বিপ্ৰদামোডৰে হে ঈশ্বৰক আলিংগন কৰিবলৈ সক্ষম হ'ল! মাত্ৰ খুজি অনা সেই টোপোলাটোৰ  ৰহস্য ভেদ কৰিবলৈ ।


মালিনী শইকীয়া।

    লখিমপুৰ।

Tuesday, November 01, 2022

ব্যঙ্গ:মালিনী শইকীয়া

 অণুগল্প 
                 ব্যঙ্গ     

                               মালিনী শইকীয়া 

          আনক হাঁহি, ইতিকিং কৰিবলৈ বৰ সহজ। সৎ পথৰে গৈ জীনৰ লক্ষ্যত অৱতৰণ কৰিবলৈ যাওঁতে এচামৰ পৰা বহু বিভুতি পিন্ধিব লগা হয়। 

           কিন্তু বৰ্তমান ২১ শতিকাৰ মুৰ ডাঙৰ সকলে , নিজে কৰিব নোৱাৰা কাম বহু বছৰৰ আগতে কৰি দেখুৱাই নহয় , আমাৰ অসমীয়াৰ গাত অসমীয়া বুলি চিৰদিনৰ ববে পানীৰ বেজীৰে চিলাই পিন্ধাই থৈ যোৱা সেই গৰাকী জনক তাচ্ছিল্য কৰাটোহে একেবাৰে অসহণীয়।  তেনে লোক হে ব্যঙ্গতাৰ পাত্ৰ নহয় নে?

সৎ পথৰ ফল মিঠা:মালিনী শইকীয়া

 অণুগল্প   

   সৎ পথৰ ফল মিঠা৷

                মালিনী শইকীয়া, লখিমপুৰ

           মই তোমালোকৰ লগত শাৰী পাতিব নোৱাৰো। যোৱা তোমালোক খেলাগৈ।মোলৈ মালিকে বাট চাই আছে ছাগৈ। মই কৃতজ্ঞ হৈছো এই কলেজৰ ক্লাছৰ সময় খিনি যে দিছে। দেউতাৰ মুখ খন মনত নাই। এতিয়া মায়ে কৈছে, মই হোটেলৰ পৰা অহাৰ পিচত হে চৌকা জ্বলাব পাৰিব।

        এদিন এনেদৰে কোৱা  নিবিৰে দামী কাৰ খনত বহি অহা দেখিলে সেই বন্ধু অলয় নিলয়হঁতে। তাক দেখি সিহঁত লাজতে পলাল। সিহঁতে সেই সময়ত মাক দেউতাকৰ কেচা ঘামৰ মূল্য দিছিল অবাটে গৈ  অনাহঁক খাদ্য, অনাহঁক সুখ সন্তুষ্টিৰ বাবে। সময়ক ধৰিবই নাজানিলে। কিন্তু নিবিৰে নিৰবে দৰিদ্ৰতাৰ লগত যুঁজি নিজৰ পৰিচয় আঁজুৰি আনিলে এজন উচ্চপদস্থ বিষয়া হিচাপে। এতিয়া তেওঁ শিশু সকলক কয় মইনাহঁত সদায় সৎ পথে খোজ পেলাবা। খন্তেকীয়া আনন্দ, সুখত ভোল নাযাবা।

Tuesday, October 25, 2022

তেজাল চকু:মালিনী শইকীয়া

 অণুগল্প  

                 তেজাল চকু:

   


             বিশাল অট্টালিকাটোৰ, সুসজ্বিত কোঠাৰ পৰা এটা বিকট চিঞৰ চুবুৰীয়াৰ কানৰ ৰন্ধ্ৰৰে পাৰ হে গ'ল। হেলচী আইতা বয়সৰ তাগিদাত টোপনি পাতল।ৰাতি কাষতে থকা ডাঠ হাবিয়নিত বাঘৰ গোজৰণী শুনিছিল, হয়তু খাদ্যৰ অভাৱত। কিন্তু অলকেশ হঁতৰ •••••••••। এইবোৰ পাগুলী থাকোতেই চাতকৈ গাড়ী খন পাৰ হৈ গ'ল। প্ৰিয়ংকাই দিনটোৰ বাবে সকাহ পালে, যদিও নিজকে তেজাল চকুৱে কৰা আত্যাচাৰ বোৰ পাহৰিব পৰা নাই।

        বাঘিনী জনীয়ে খাদ্যৰ সন্ধানত জোপ লৈ থকাৰ দৰে অলকেশেও নিৰ্জনতাৰ সুযোগ লৈ নাৰী দেহৰ স্বাদ লবলৈ জোপ লৈ আছে, জ্ঞান শূণ্য পশুৰ দৰেই। জানো কেতিয়া এই মখাৰ ••••••। এনেলোকে যিমানেই ভদ্ৰতাৰ মোখা নিপিন্ধক কিয় শ্ৰেষ্ঠ জীৱ বুলিব পাৰিনে?


মালিনী শইকীয়া    উঃ লখিমপুৰ।

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...