অণুগল্প
সৎ পথৰ ফল মিঠা৷
মালিনী শইকীয়া, লখিমপুৰ
মই তোমালোকৰ লগত শাৰী পাতিব নোৱাৰো। যোৱা তোমালোক খেলাগৈ।মোলৈ মালিকে বাট চাই আছে ছাগৈ। মই কৃতজ্ঞ হৈছো এই কলেজৰ ক্লাছৰ সময় খিনি যে দিছে। দেউতাৰ মুখ খন মনত নাই। এতিয়া মায়ে কৈছে, মই হোটেলৰ পৰা অহাৰ পিচত হে চৌকা জ্বলাব পাৰিব।
এদিন এনেদৰে কোৱা নিবিৰে দামী কাৰ খনত বহি অহা দেখিলে সেই বন্ধু অলয় নিলয়হঁতে। তাক দেখি সিহঁত লাজতে পলাল। সিহঁতে সেই সময়ত মাক দেউতাকৰ কেচা ঘামৰ মূল্য দিছিল অবাটে গৈ অনাহঁক খাদ্য, অনাহঁক সুখ সন্তুষ্টিৰ বাবে। সময়ক ধৰিবই নাজানিলে। কিন্তু নিবিৰে নিৰবে দৰিদ্ৰতাৰ লগত যুঁজি নিজৰ পৰিচয় আঁজুৰি আনিলে এজন উচ্চপদস্থ বিষয়া হিচাপে। এতিয়া তেওঁ শিশু সকলক কয় মইনাহঁত সদায় সৎ পথে খোজ পেলাবা। খন্তেকীয়া আনন্দ, সুখত ভোল নাযাবা।
No comments:
Post a Comment