সময়
সময় গতিময় অবিৰাম গতিত বয়
কাৰোলৈ অকনো নৰয়,
নৈৰ সোঁতৰ দৰে সময়েও গতি কৰে
উভতি পিছলৈ নাচায়।
অসৎজনৰ সময় এনেই পাৰ হয়
সদাশয় কৰে অপচয়,
সাধুজনেহে জানে সময়ৰ মূল্য
সেয়ে হয় সদায় জয়।
ধনুৰ কাঁড়ৰ দৰে নিৰ্দিষ্ট লক্ষ্যৰে
সময় যদি হয় পাৰ,
ধন্য হ'ব তেন্তে চলন্ত জীৱন
নহ'লে যে সকলো অসাৰ।
শৈশৱৰ সময় যদিও মধুৰ
মূল্যবান যৌবনৰ পল,
বৃদ্ধাৱস্থাৰ সময় অতি সঙ্কটময়
নাথাকে নিজা বল।
কৰ্মৰে যদি জোখা হয় সময়
জীৱন হ'ব মধুৰ,
এলেহুৱা হৈ সময় পাৰ কৰাজনৰ
জীৱন হ'ব গধুৰ।
সময়ৰ সোঁতত গাভৰু এজনীও হয়
আশী বছৰীয়া বুঢ়ী,
লাখুটি হাতত লৈ খুচৰি ফুৰে তাই
বিনন্দীয়া সেই বছৰ কুৰি।
সময়ৰ চকৰি আজীৱন গতিশীল
মায়াৰ এই ভূৱনত,
সময়ৰ সৎ ব্যৱহাৰ কৰাজনেই পাব
আনন্দৰ ৰহঘৰা জীৱনত।
✍️মাৰজিয়া আহমেদ
No comments:
Post a Comment