সুন্দৰৰ আৰাধনা:
সৃষ্টিৰ আঁৰে আঁৰে
তোমাৰ ৰহস্য বিৰাজমান,
তথাপিও কিয় নিদিয়া দেখা
কৰিছানে অভিমান.....?
দেখা নাই কেতিয়াও তোমাক
নিৰাকাৰ হৈ তুমি,
পাপ পুণ্য নকৰি বিচাৰ
উদ্ধাৰ কৰা সদাশয়
যেতিয়া বিপদগ্ৰস্থ হওঁ আমি।
মানৱ জাতিৰ কত অপকৰ্ম
আত্ম অহংকাৰৰ ঢং,
সকলো দেখিও কেনেকৈ থাকা নিৰৱ
নুঠে নেকি তোমাৰ খং..?
সেউজ বিৰিখবোৰ ফল-ফুলে ভৰি
শুৱনী কৰিলা ভূৱন,
ডালে ডালে বহি পক্ষীসবেও কৰে
তোমাৰেই গুণ গান।
তোমাৰ ইংগিততেই প্ৰভাতি সূৰুযে
পূৰ্ব দিশে হয় উদয়,
দিনৰ আনন্দ সামৰি পশ্চিম দিশে গৈ
সন্ধিয়া মাগে বিদায়।
নিশাৰ ব্ৰহ্মাণ্ড শুৱনি কৰা তুমি
অগণন নক্ষত্ৰ জ্বলাই,
অকলশৰে তুমি কেনে কৰা এত কাম
তোমাৰ কি এলাহ নাই?
দেখা নাই কেতিয়াও তোমাক প্ৰভু
দিয়া আমাক জ্ঞান,
শ্ৰেষ্ট মানৱ ৰূপে তোমাক আৰাধনা কৰিবলৈ
কৰা আমাক শক্তি দান।
কিমান সুন্দৰ সৃষ্টি তোমাৰ প্ৰভু
মায়াৰ এই ভূৱন,
নাজানো কিমান সুন্দৰ তুমি
হে মহাজন.....!
✍️মাৰজিয়া আহমেদ
নগাওঁ (অসম)