Tuesday, October 04, 2022

শংকৰদেৱ:মিন্টু গোৱলা

 শংকৰদেৱ

সৰ্বজ্ঞানী গুৰু তুমি এই মৰতৰ 

ধ্যানত মগ্ন তুমি ধৰ্মতত্ত্ব
বৈষ্ণৱ ধৰ্মৰ বীজ ৰোপিত কৰি শুচি গলা
 তুমি বৈকুণ্ঠলৈ
জয় গুৰু শংকৰ তুমি সৰ্ব জ্ঞানী 
তোমাৰ চৰণত শত কোটি ৰেণুক 
বাৰে বাৰে কৰো আজিও প্ৰণাম ।
নামঘৰ সাজি ভক্তিৰ চাকি জ্বলায় 
ভক্তক মুহিলা তুমি
হেজাৰী ঘোষাৰে প্ৰাণ ঢলি ভক্তিৰ তত্ব দিলা ।
সিঁচিলা তুমি নামৰ কঠিয়া জগালা 
তুমি মনত ভক্তিৰ ভাৱ এই মৰতত।
ভাওনা শিকালা তুমি , তুমিয়ে দিলা শাস্ত্ৰৰ তত্ব 
এই মৰতত ।
বৈষ্ণৱ ধৰ্মৰ বীজৰে বৃষ্টিত এই মৰত 
বৈষ্ণৱৰ গুৰু তুমি শংকৰ গুৰু 
তোমাৰ অবিহনে বৈষ্ণৱ ভক্ত আধৰোৱা 
প্ৰতিটো ক্ষণত তোমাৰ চৰণ বিচাৰে ভকত সবে ।
তুমি হিৰোমণি বৈষ্ণৱ ধৰ্মৰ শাস্ত্ৰৰ জ্ঞানে সমৃদ্ধি তুমি 
ব্ৰক্ষ্মাণ্ডক ভেদী পাৰ ভাগি 
দিলা হৰি নামৰ প্ৰেমৰ অমৃত নদী ।
অযুত ভক্তিৰে সোৱৰিছোঁ 
আজি তোমাৰ শ্ৰী চৰণত।।


শ্ৰী মিন্টু গোৱলা লখিমপুৰ কদম

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...