Tuesday, November 01, 2022

হৃদয় দাপোনত তুমি:মাৰ্জিনা বেগম

 হৃদয় দাপোনত তুমি:

মোৰ হৃদয় দাপোনত তুমি 

সাঁচি ৰাখিছো   প্ৰতিচ্ছবি,

 কোন কাহানিবা থিতাপি লোৱা 

মনে আজি নামানে নিয়মৰ  বাধা ।


মোৰ মনৰ গোপন কুঠৰিত

গান গাওঁ আজিও

তোমাৰ নামত সুৰ ধৰি ।

অভিপ্ৰায় নাই ইতিহাস গঢ়াৰ ,

স্বপ্ন নাই আকাশ চুবৰ  

মাথোঁ মোৰ হৃদয়খন তোমাৰ হওঁক ...


ৰঙীন তুলিকাৰ বুলনিত

তোমাৰ উকা  বগা কেনবাচত 

সাধ্য নাই কাহিনী থমকি ৰোৱাৰ ... 

আন্ধাৰ নিশা ।


 তোমাৰ জোন জ্বলা আকাশত

আৰু মোৰ তৰা ফুলা  দেশত 

ব'লা হেৰাই  যাওঁ আকৌ এবাৰ ....

নিঃশব্দ নিৰ্জনতাত।


সচাঁকৈ কৈছোঁ শুনি যোৱা 

ভাল পাওঁ  বুলি  কৈ যোৱা 

তোমাৰ হৃদয় খন মোক দিয়া ।


নিয়ৰ সেমেকা পুৱাৰ  প্ৰেম কথাৰে

লিখি যাম হেজাৰ কবিতা ...তোমাৰ সৈতে .....

মোৰ চহৰত তোমাক লৈ 

নিৰুদ্দেশ হোৱাৰ মন 

আছা যে তুমি মোৰ হৃদয় দাপোনত । 


                       ✍️ মাৰ্জিনা বেগম ।

                   ( বৰপেটা )

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...