চিৰ সেউজৰ চিৰ বিদায়
এজন বৰ্ণিল অবিসম্বাদী সম্ৰাট
চেলুলয়েডৰ জিলিকা-জিলিকি তৰা
ছবি জগতৰ মহীৰূহ 'মুকুতা'ৰে ভৰা
ৰিক্সা চালক 'শঙ্কৰ জোছেফ আলী'
মুকলি পখী হৈ উভতি গ'ল
'ঘৰ সংসাৰ' এৰি নিজ ঘৰলৈ বুলি !
জীৱন 'সংগ্ৰাম'ৰ বিজয়ী নায়ক
অসমবাসীৰে কৰিলে 'হিয়া দিয়া নিয়া'
'মিঠা মিঠা লগনত' ছটিয়ালে পুষ্প'বৃষ্টি'
'মানৱ আৰু দানৱ'ৰ 'মৰীচিকা' খেদি
কোন বিধাতাক সাজিবলৈ গ'ল ?
ছটা দশকৰ কিম্বদন্তী সমন্বয়ৰ 'ছিৰাজ'
'ডাঃ বেজবৰুৱা' হৈ জনপ্ৰিয়তা লভি
অজান দেশলৈ গৈ 'প্ৰিয়া মিলন' হ'বলৈ
'মৰম' যাঁচিছিল 'ব'হাগৰ দুপৰীয়া'ত..!
'জীৱন সুৰভী'ৰ 'কাল সন্ধ্যা' নামিল
'আজলী নবৌ'ক নিদিয়ে স্নেহৰ 'প্ৰতিদান'
মঙ্গল 'আৰতি'ৰ হবই প্ৰতিধ্বনি
'অপৰূপা','কাদম্বৰী'ৰ কোনে শুনিব বিননি
উত্তৰসূৰীৰ পাথেয় অভিনয় প্ৰতিভা
তমসাছন্ন ছবি জগত-ম্লান হ'ল আভা !
'ককা দেউতা নাতি আৰু হাতী'ৰ মালিক
কোন হ'ব?'বন্দুক আছে'- কোনে ক'ব ?
নকয় সংলাপ কাহানিও-নাহিব দুনাই
'মাক আৰু মৰম'ৰ খোজত স্বৰ্গ পালে
'জুমন-চুমন'ক নীতি শিক্ষা দিলে
'ইমান মৰম কিয় লাগে' গীত গাই
চিৰ সেউজ হৈ চিৰ বিদায় মাগিলে
শোকৰ কাঁইটে গুণমুগ্ধক বিন্ধিলে
তাৰকা বিহীন ছবি জগত হ'ল উকা
এটি সত্তাৰ পৰিল কায়িক যৱনিকা--
✍️আমিৰ হুছেইন আহমেদ ।
No comments:
Post a Comment