Tuesday, November 01, 2022

লগ পোৱা হলে:দিবিদ বৰুৱা

 লগ পোৱা হলে:

আজি বহু দিনেই হল

তোমাক নেদেখা,,,,

 অপ্ৰাণ, নিস্বাৰ্থ ভাল পোৱাবোৰ 

নেদেখিলে থাকিব নোৱাৰা মৰমবোৰ

কত যে হেৰাই গল,,,,,!!

তোমাক লগ পোৱা হলে ভাল আছিল

হিদয়ৰ গোপন কথাবোৰ

তোমাক যে কোৱাই নহল,,

সকলো থাকিও তুমি নাই বাবে 

মই আধৰুৱা,,,,??

মনত পৰে নে ,কেতিয়াবা?

প্ৰথমে বন্ধুত্ব তাৰ পাছত প্ৰেম ।

 আজিও সিমানেই ভাল পাওঁ

বুকুৰ সেউজ উপত্যকা ত

স - গোপনে  ৰাখিছোঁ 

তোমাৰ প্রতিছবি,,,!!

তোমাক এবাৰ লগ পোৱা হলে  

ভাল আছিল,,,!!

কৈ দিলোঁ হেঁতেন অতদিনে সাঁচি ৰখা

বুকুৰ হেজাৰ কাহিনী......

                       ✍️ দিবিদ বৰুৱা,,

                               কামচি,মৰিধল

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

Rahul Chetia Poet Biography

Rahul Chetia Poet Biography | ৰাহুল চেতিয়া - উৰুখা পঁজাৰ জোনাক, মায়াবিনী আঁউসীৰ এটি জোনাকী Rahul Chetia (ৰাহুল চেতিয়া) is a p...