Showing posts with label দিবিদ বৰুৱা. Show all posts
Showing posts with label দিবিদ বৰুৱা. Show all posts

Tuesday, November 01, 2022

লগ পোৱা হলে:দিবিদ বৰুৱা

 লগ পোৱা হলে:

আজি বহু দিনেই হল

তোমাক নেদেখা,,,,

 অপ্ৰাণ, নিস্বাৰ্থ ভাল পোৱাবোৰ 

নেদেখিলে থাকিব নোৱাৰা মৰমবোৰ

কত যে হেৰাই গল,,,,,!!

তোমাক লগ পোৱা হলে ভাল আছিল

হিদয়ৰ গোপন কথাবোৰ

তোমাক যে কোৱাই নহল,,

সকলো থাকিও তুমি নাই বাবে 

মই আধৰুৱা,,,,??

মনত পৰে নে ,কেতিয়াবা?

প্ৰথমে বন্ধুত্ব তাৰ পাছত প্ৰেম ।

 আজিও সিমানেই ভাল পাওঁ

বুকুৰ সেউজ উপত্যকা ত

স - গোপনে  ৰাখিছোঁ 

তোমাৰ প্রতিছবি,,,!!

তোমাক এবাৰ লগ পোৱা হলে  

ভাল আছিল,,,!!

কৈ দিলোঁ হেঁতেন অতদিনে সাঁচি ৰখা

বুকুৰ হেজাৰ কাহিনী......

                       ✍️ দিবিদ বৰুৱা,,

                               কামচি,মৰিধল

Tuesday, October 25, 2022

আধৰুৱা কবিতা:দিবিদ বৰুৱা

আধৰুৱা কবিতা:

মোৰ কলমটোৱে চোন

চুচুক- চামাক কৰিব ধৰিছে,

কল্পনা সাগৰত  শব্দ বোৰৰ!

আলৈ - আঠানি!! ,,,,,

     কাগজেও আজি মোক

     অভিমান কৰিছে।

     লিখোঁ বুলি কিমান যে  চেষ্টা ,,

     মোৰ আধৰুৱা কবিতা । 

শব্দবোৰ আজি মোৰ নিৰাথক

 গাঁথিব নুৱাৰিচো শব্দ - মালা

  দিব পৰা নাই পূৰ্ণতা

  মোৰ আধৰুৱা কবিতা।

   """'''''''''''''''''***"""''''''''''''''''''''

✍️দিবিদ বৰুৱা(বাম - কামচি,শ্ৰী পাণী)

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...