Wednesday, November 16, 2022

ভালপোৱাৰ নক্সা:ৰাজ ৰাহুল

 ভালপোৱাৰ নক্সা

অন্তহীন স্পৃহাত অনুৰণিত হয়

তোমাৰ প্ৰতি থকা মোৰ ভালপোৱা--!

সীমাহীন মৰমেৰে উপচাই দিবলৈ

কৰি আছোঁ আকুল প্ৰতীক্ষা--!


তুমি আকৌ বিচাৰিবা নেকি

মোৰ ভালপোৱাৰ পৰিসীমা ?


জানা, অন্তহীন হাবিয়াসে

হৃদয়ত অনুৰাগৰ বৰষা নমায়

তোমাৰ অজ্ঞাতে--অজানিতে!


তোমাৰ মনৰ ফুলনিত

ৰুবা দেই মই ভালপোৱা ফুল

এদিন পাহি মেলি ফুলিব,

বতাহত থাকিব হালি-জালি--!

ভাহি অহা সুবাসে দিব

তোমাৰ মনৰ বাতৰি ,

আৰু এদিন মই যাম--

দেখুৱাবানে তুমি হৃদয় খুলি ?


অৱশ্যে নক'লেও বুজিম

হৃদয়ৰ পৰা হৃদয়লৈ বৈ যোৱা

ভালপোৱাৰ পৰিভাষা

য'ত বৈ আছে

প্ৰেমৰ শাশ্বত অলকানন্দা...।


                  ✍️ ৰাজ ৰাহুল 

                  

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...