যন্ত্ৰণাৰ উজাগৰী ৰাতি
তাই অশান্ত হ'ল
এজাক ধুমুহাৰ দৰে--!
মাতৃ তাই তেজস্বিতাৰ !
সন্তানৰ অকাল মৃত্যুৰ
অসহনীয় যন্ত্ৰণাই
তেওঁৰ হৃদয়খন
প্ৰতিবাদী কৰি তুলিছে--!
কিন্তু প্ৰতিবাদ কৰিব কাৰ ওচৰত?
কোনে দিব ন্যায় ?
জীৱনৰ সকলো সুখ, হাঁহি হেৰুৱাই
তাই যে আজি কঙালিনী।
মাতৃৰ মমতাক কাঢ়ি নিলে
সিহঁতৰ নিৰ্বোধ কৰ্মৰাজিয়ে --!
কৰ্তব্যৰ গাফিলতিত যে
আন কাৰোবাৰ হৃদয় ভাঙিব পাৰে
সিহঁতে ভাবিছিল নে এবাৰ ?
জীৱনক লৈ হেতালি খেলাৰ অধিকাৰ
সিহঁতে কেনেকৈ পালে ?
অক্সিজেন বিহীন চিলিণ্ডাৰ--
উস্, কিমান নিৰ্মম অত্যাচাৰ !
উপযুক্ত পাৰিশ্ৰমিক পোৱাৰ পিছতো
মানৱ সেৱাৰ নামত
সিহঁতৰ ভণ্ডামি কিহৰ?
ক'ত আছিল প্ৰশাসন ?
শুই শুই সপোন দেখিবলৈ
নিযুক্তি লৈছিল নে বিশেষ দায়িত্বৰ ?
ধিক্কাৰ---সকলোকে ধিক্কাৰ!
সন্তানক হেৰুৱাৰ জুইয়ে
শান্তিত থাকিবলৈ দিবনে সকলোকে?
বাউলী মাতৃৰ কাতৰ নিনাদত
আকাশ কঁপিছে--
তেনে নকঁপিবনে ৰজাৰ হৃদয়?
কোনে নুমুৱাব মাতৃৰ বুকুৰ জুই?
জানো, নুনুমায় কোনোদিনে।
মমতাৰ আঁচলখনেৰে দুচকু ঢাকি
তাই যে পাৰ কৰিছে
যন্ত্ৰণাৰ উজাগৰী ৰাতি...।
✍️ ৰাজ ৰাহুল
No comments:
Post a Comment