Wednesday, November 16, 2022

নেহৰু খুড়া , তুমি আকৌ আহিবা:ৰাজ ৰাহুল

নেহৰু খুড়া , তুমি আকৌ আহিবা    

নেহৰু খুড়া , কোৱাচোন--

তোমাৰ জন্মদিনটিক 

কিদৰে জনাওঁ আদৰণি--!

আমি  অকণি

গোলাপ এপাহকে দিলোঁ

তোমাৰ জেপত গুজি

শুভ জন্মদিন বুলি।

তুমি শিক্ষাবিদ, ৰাজনীতিজ্ঞ হৈও

আমাক দিয়া সময়কণ

আমি কেতিয়াও নাযাও পাহৰি।

বিশ্ব ভাতৃত্ববোধ,উদাৰ দৃষ্টিভঙ্গীৰে

তুমিয়েইতো বিশ্ব মানচিত্ৰত

ভাৰতক স্বকীয় মৰ্যদা প্ৰদান কৰিলা।

স্বাধীনতা সংগ্ৰামত জপিয়াই পৰি

স্বদেশ প্ৰেমৰ দিছিলা চিনাকি।

তোমাৰ উন্নত লিখনিৰ বাবেই

সন্মানিত হ'লা "ভাৰত ৰত্ন" বুলি।

এজন বিদগ্ধ পণ্ডিত হৈও

আমাৰ প্ৰতি থকা

তোমাৰ মৰমৰ বাবেই

তোমাৰ জন্মদিনটিক নামকৰণ কৰা হ'ল

"শিশু দিৱস" বুলি।

অ' নেহৰু খুড়া ,

আমাৰ আহ্বান শুনা--

তুমি আকৌ আহিবা

আমি খেলিম বহু কিবাকিবি

আৰু প্ৰতিদিনেই তোমাৰ জেপত দিম

এপাহি গোলাপ ফুল মৰমেৰে গুজি...


                 ✍️ ৰাজ ৰাহুল 

                 

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...