Wednesday, November 16, 2022

সোণোৱালী দিন যদি আহে:মাৰ্জিনা বেগম

 সোণোৱালী দিন যদি আহে

 সপোনবোৰ তোমাৰ

 সেউজীয়া পাতত হালে 

 বতাহত কঁপে ঈষৎ ওঁঠৰ হাঁহি, 

জানিব খুজিছা  

ভাল পাওঁ কিমান খিনি ?


সপোনেৰে সপোন সজাই  

নীলা আকাশৰ নিলীমাত, 

তোমাৰ  কথাই ভাৱিছো মাথোঁ 

ক'ব নোৱাৰি ফুটাই ।


বাট চাই ৰোৱা তুমি 

মোৰ প্ৰতীক্ষাত 

আহিছোঁ মই সাদৰী 

 জ্বলাই এগচি  প্ৰেমৰ বন্তি    ।


সোণোৱালী দিন যদি আহে 

সোন সৰা ৰ'দৰ পিঠিত 

সুখৰ বীণাত ঝংকাৰ তুলিম 

দুয়ো হৃদয়ত ধ্যান  কৰি  ।


                ✍️মাৰ্জিনা বেগম ।

                      বৰপেটা

No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ:ৰাহুল চেতিয়া

  প্ৰবন্ধ:প্ৰেমৰ মিঠা অনুভৱ প্ৰেম স্বৰ্গীয়, প্ৰেম এক সুন্দৰ আৰু জটিল আৱেগ।ভালপোৱা হৃদয়ৰ এক সুক্ষ্ম অনুভূতি হৃদয় গহ্বৰত লুকাই থকা এমুঠি অনু...