সোণোৱালী দিন যদি আহে
সপোনবোৰ তোমাৰ
সেউজীয়া পাতত হালে
বতাহত কঁপে ঈষৎ ওঁঠৰ হাঁহি,
জানিব খুজিছা
ভাল পাওঁ কিমান খিনি ?
সপোনেৰে সপোন সজাই
নীলা আকাশৰ নিলীমাত,
তোমাৰ কথাই ভাৱিছো মাথোঁ
ক'ব নোৱাৰি ফুটাই ।
বাট চাই ৰোৱা তুমি
মোৰ প্ৰতীক্ষাত
আহিছোঁ মই সাদৰী
জ্বলাই এগচি প্ৰেমৰ বন্তি ।
সোণোৱালী দিন যদি আহে
সোন সৰা ৰ'দৰ পিঠিত
সুখৰ বীণাত ঝংকাৰ তুলিম
দুয়ো হৃদয়ত ধ্যান কৰি ।
✍️মাৰ্জিনা বেগম ।
বৰপেটা
No comments:
Post a Comment