নদীয়ে জানো ভালপোৱা বুজে ?
প্ৰতি নিয়ত ধমক খোৱা অনুভৱ বোৰলৈ
পালতৰা নাওঁ খন যাত্ৰাৰ বাবে আকৌ সাজু হয়---
ঢৌ কাটি কাটি
গৈ থাকে গন্তব্য স্থানলৈ,
এৰি যায় কত চিনাকি সুঁতি
সেউজ গাঁও সকলো ,
সাগৰ পিয়াসী অবিৰত গতি ।
প্ৰতি শ্যামলী উপত্যকাত উশাহ এৰে।
প্ৰতি উশাহ ত এৰে কিছু প্ৰতাৰণা।
নিবিড় সান্নিধ্যৰ সুবাসত
নিয়মিত জয় যাত্ৰাত নৈৰ স'তে
একোটা ইতিহাসে গতি কৰে।
মইও যেন এক এৰাসুঁতি
নদীয়ে ঘূৰি নাযায় কোনোদিন।
প্ৰতি ঢৌৱে অনুসৰণ কৰে পূৰ্বৰ গতি
মোৰ মহঙা সপোন বোৰ তেনেকৈয়ে পৰি ৰয়
এক পঁয়ালগা সপোন হৈ,
যাৰ বাটচৰাত নুফুলে সুগন্ধি মাধবী লতা,
কোনো খেদ নাই
গতিশীল নদীয়েতো ক'ব নোৱাৰে
এৰি অহা সেউজ পাহাৰটোক
গতি কৰা মোৰ স'তে---!
শিল হোৱা মোৰ বেজেৰুৱা ছবিবোৰ
প্ৰতিটো ঢৌৱে কোবাই যায় অহৰ্নিশে,
নৈ ৰব নোৱাৰে কাৰো বাবে।
সেয়ে কওঁ নৈক ভালপাব নালাগে
নৈয়ে ভালপোৱা নুবুজে।
✍️ ৰাজ ৰাহুল
No comments:
Post a Comment