Wednesday, November 16, 2022

ৰাস উৎসৱৰ ৰভাতলিত:চন্দ্ৰশেখৰ পৰাজুলী

ৰাস উৎসৱৰ ৰভাতলিত 

শৰৎৰ স্মৰণীয় পূৰ্ণিমাৰ দিনা 

ঠিক এক সন্ধিয়া বেলাত

সাজি,কাছি আহিবা তুমি

নামনিৰ পৰা আমাৰ উজনিলৈ

ৰাস উৎসৱৰ ৰভাতলিত 

ৰাস লীলাৰ আমোদ ল'বলৈ ।

তাতে লগ  হ'ম প্ৰথমে তোমাক

ভাওধৰা ৰাধা ৰাণীৰ সৈতে 

ৰাধাৰ সংলাপ তুমি আওৰাই যাবা

আৰু কৃষ্ণৰ সংলাপবোৰ

মই আওৰাই যাম তোমাৰ আগত

প্ৰেমৰ পৰশত উজলি উঠিব

এই বিখ্যাত বিশ্বনাথৰ ধৰাতল

এইদৰে সকলোৱে সাক্ষী হৈ ৰব

শৰৎৰ সেই ৰাতিৰ উৎসৱ 

এনেকৈয়ে এনিশাৰ পিছত বিচ্ছেদ

প্ৰেম ভৰা হিয়াখনিত ৰসাল আভাস লৈ

আৰু লগতে এতিয়াই কথা দিলোঁ

অহাবাৰে মোৰ ৰাধাক লগ হ'ব যাম

উজনিৰ পৰা নামনিৰ বুকুলৈ

দৰা সাজে কৃষ্ণৰ ভাও লৈ...

হবা নহয় তুমি মোৰ বাবে প্ৰস্তুত ??


চন্দ্ৰশেখৰ পৰাজুলী


No comments:

পূৰ্বৰ লেখা সমূহ পঢ়িবলৈ ইয়াত ক্লিক কৰক »

প্ৰকাশ পালে কবি ৰাহুল চেতিয়া চিলাপথাৰ প্ৰথম খন কাব্য গ্ৰন্থ "মায়াবিনী আউসীৰ এটি জোনাকী"

 কবিৰ চমু পৰিচয়: কবিৰ জন্ম ১৯৯৬ চনৰ ১৩ মাৰ্চত ফাগুনৰ ৬ তাৰিখে ধেমাজি জিলাৰ নিলখ পূৰ গাওঁত। কবিৰ পিতৃ স্বৰ্গীয় দিলীপ চেতিয়া আৰু মাতৃদ্বয়ৰ না...